কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলে জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ ওপৰত এটা ডাঙৰ বিবৃতি দিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক জনসংখ্যা নিয়ন্ত্ৰণ আইন ৰূপায়ণৰ বিষয়ে সোধা হৈছিল, তেওঁ কৈছিল যে “অতি শীঘ্ৰেই এই আইন অনা হ’ব। যিহেতু বহু বৃহৎ আৰু কঠিন সিদ্ধান্ত লোৱা হৈছেই, গতিকে বাকীবোৰো লোৱা হ’ব।” প্ৰহ্লাদ পেটেলে গৰিব কল্যাণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ এদিনীয়া ভ্ৰমণসূচীৰে ৰায়পুৰলৈ যাওঁতেই কৰে এই মন্তব্য।

জনসংখ্যা নিয়ন্ত্ৰণ আইন সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ পেটেলৰ বক্তব্যৰ সন্দৰ্ভত কংগ্ৰেছৰ মুখপাত্ৰ ধনঞ্জয় সিং ঠাকুৰে কয় যে, “মই ভাবো যে জনসংখ্যা আইন , এইয়া পেটেলজীৰ বিভাগৰ নহয়। বিজেপি নেতাসকলে কেতিয়াবা উস্কানিমূলক মন্তব্য কৰে। বিজেপি আৰু RSS-ক একেলগে বহিবলৈ দিয়ক আৰু তেওঁলোকে কি বিষয়ৰ বিষয়ে বিবৃতি দিব লাগিব সেই বিষয়ে সিদ্ধান্ত লওঁক”।

ইফালে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলৰ বক্তব্যক বিজেপিয়ে সমৰ্থন জনাইছে। বিজেপিৰ মুখপাত্ৰ অমিত চিমনানীয়ে কয় যে যদি এই আইন দেশৰ স্বাৰ্থত প্ৰস্তুত কৰা হয়, তেন্তে নিশ্চিতভাৱে দেশৰ মানুহে ইয়াক অনুসৰণ কৰিব আৰু ইয়াক আদৰণি জনাব।

উল্লেখযোগ্য যে ২০১৬ চনত, বিজেপি সাংসদ প্ৰহ্লাদ পেটেলে জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰত ব্যক্তিগত সদস্যৰ বিধেয়ক উত্থাপন কৰিছিল যদিও ই বেছিভাগ ব্যক্তিগত বিধেয়কৰ দৰে ভোটদান পৰ্যায়ত উপনীত হ’ব পৰা নাছিল।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial