অসমৰ বাবে অত্যন্ত গৌৰৱময় ক্ষণ! অহা এক জুলাইত অসম সন্তান তপন কুমাৰ ডেকা দেৱে আই বিৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব৷ উল্লেখ্য যে আই বিৰ বৰ্তমানৰ মুৰব্বী অৰবিন্দ কুমাৰৰ কাৰ্যকাল অহা ৩০ জুনত সমাপ্ত হ’ব৷ তপন ডেকাৰ পূৰ্বে, এতিয়ালৈকে কোনো অসমীয়া ই এই পদত অধিষ্ঠিত হ’ব পৰা নাছিল । আই বিৰ মুৰব্বী পদত অধিষ্ঠিত হোৱা ডেকাই হ’ব অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমগৰাকী বিষয়া৷ অসমৰ বৰপেটা জিলাৰ বাসিন্দা ডেকা তেজপুৰত ডাঙৰ-দীঘল হৈছিল৷ ডেকা দেৱে কেৰিয়াৰৰ বেছিভাগ সময় চোৰাংচোৱা সংস্থাতে কাৰ্যনিৰ্বাহ কৰিছে। যোৱা বছৰৰ জুন মাহত উইঙত বিশেষ সঞ্চালকৰ পদবীলৈ উন্নীত হোৱাৰ সময়ত তেওঁ আই বিৰ অতিৰিক্ত সঞ্চালক আছিল। উল্লেখ্য যে ডেকা দেৱ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ ঘনিষ্ঠ হিচাপে পৰিচিত৷ ডেকা দেৱে প্ৰথম প্ৰচেষ্টাতে ভাৰতীয় আৰক্ষী সেৱা ত সফলতা লাভ কৰিছিল৷ সম্প্ৰতি ডেকাই আই বিৰ বিশেষ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷

জম্মু-কাশ্মীৰত চলি থকা সন্ত্ৰাসবাদ-বিৰোধী অভিযানৰ সৈতে জড়িত হৈ থকা ডেকাই এসময়ত আমেৰিকাৰ ৱাশ্বিংটনত থকা ভাৰতীয় দূতাৱাসৰ বিশেষ বিষয়াৰ দায়িত্বও পালন কৰিছিল৷

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial