
খালী হাতেৰে কোনোবাক আক্ৰমণ কৰিলে বা আক্ৰান্ত হ’লে কোৱা হয় নিৰস্ত্ৰ ব্যক্তি। কিন্তু শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে ইয়াৰ ব্যাখ্যা নতুনকৈ দিছে। ন্যায়ালয়ে কৈছে, হাত দুখনকো অস্ত্ৰ হিচাপে গণ্য কৰিব পাৰি। অৰ্থাৎ মাথোঁ বন্দুক, ছুৰী আদিয়েই নহয়, হাতখনো তেনে এপাট অস্ত্ৰ। উচ্চতম ন্যায়ালয়ে কিয় এই কথা ক’লে?
প্রায় তিনি দশক পূৰ্বে সংঘটিত এটা হত্যাৰ গোচৰত দোষী সাব্যস্ত হৈছে প্রাক্তন ক্রিকেটাৰ তথা ৰাজনীতিক নভজোৎ সিং সিদ্ধু। বৃহস্পতিবাৰে গোচৰটোৰ শুনানিত এটা তাৎপর্যপূর্ণ মন্তব্য দিয়ে উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ এএম খানউইলকৰ আৰু ন্যায়াধীশ সঞ্জয় কিষাণ কৌলৰ খণ্জ বিচাৰপীঠে কয়, হাতকো অস্ত্র হিচাপে বিবেচনা কৰিব পৰা যায়। কোনো ক্রিকেটাৰ বা শাৰীৰিকভাৱে অত্যন্ত শক্তিশালী কোনো মানুহে যদি আনক আঘাত কৰে, সেই ক্ষেত্রত হাত অৱশ্যেই এপাট অস্ত্র। আদালতৰ মতে, ‘‘এজন বক্সাৰ, মল্লযোদ্ধা, ক্রিকেটাৰ বা শাৰীৰিকভাৱে শক্তিশালী ব্যক্তিৰ হাতত যদি কোনো বয়স্ক নতুবা কম শক্তিশালী মানুহ আহত হয়, সেই ক্ষেত্রত হাত অৱশ্যেই এপাট অস্ত্র।’’
উল্লেখ্য যে ১৯৮৮ চনৰ ২৭ ডিচেম্বৰত পটিয়ালাৰ পথত গাড়ী পার্কিংক কেন্দ্র কৰি গুৰনাম সিং নামৰ এজন ব্যক্তিৰে সংঘাত হৈছিল সিধু আৰু তেওঁৰ বন্ধু ৰুপিন্দ্র সিংহ সান্ধুৰ। অভিযোগ মতে, গুৰনামক গাড়ীৰ পৰা টানি আনি দুয়ো মাৰপিট কৰিছিল। ঘটনাটোৰ কেইদিনমান পিছতে গুৰনামৰ মৃত্যু হয়। সেই গোটৰটোত এবছৰৰ কাৰাদণ্ড বিহা হৈছে অভিযুক্তদ্বয়ক।
গোচৰটোৰ শুনানিত উচ্চতম ন্যায়ালয়ে কয়, ‘‘চকুৰ সলনি চকু নতুবা দাঁতৰ সলনি দাঁত উভালি নিব লাগিব তেনে নহয়। এই শাস্তিৰ কাৰণ হ’ল, ইয়াৰ প্রভাৱ সমাজত পৰিব।’’