
গুজৰাট পাৰ্টিৰ সভাপতি চি আৰ পাটিলৰ উপস্থিতিত আজি কংগ্ৰেছৰ প্ৰাক্তন নেতা হাৰ্দিক পেটেলে বিজেপিত যোগদান কৰিব।
বিজেপিত যোগদান কৰাৰ পূৰ্বে হাৰ্দিক পেটেলে টুইট কৰি কয় যে, “ৰাষ্ট্ৰীয় স্বাৰ্থ, ৰাজ্যিক স্বাৰ্থ, জনস্বাৰ্থ আৰু সামাজিক স্বাৰ্থৰ অনুভূতিৰে মই আজিৰ পৰা এটা নতুন অধ্যায় আৰম্ভ কৰিবলৈ গৈ আছো। ভাৰতৰ সফল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত মই দেশৰ সেৱাৰ মহৎ উদ্দেশ্যত এজন ক্ষুদ্ৰ সৈনিক হিচাপে কাম কৰিম।
উল্লেখযোগ্য যে কেইবা মাহ ধৰি কংগ্ৰেছৰ প্ৰতি হতাশা ব্যক্ত কৰাৰ পিছত হাৰ্দিক পেটেলে ১৮ মে’ত গুজৰাটৰ গ্ৰেণ্ড অল্ড পাৰ্টিৰ জ্যেষ্ঠ নেতৃত্বৰ প্ৰতি অনীহা প্ৰকাশ কৰি দলৰ পৰা পদত্যাগ কৰে। তেওঁ ২০১৯ চনত কংগ্ৰেছত যোগদান কৰিছিল আৰু পিছত তেওঁক ৰাজ্যিক গোটৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছিল।
এইটো সত্য যে ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত পাতিদাৰ সংৰক্ষণ আন্দোলনে (তেওঁৰ নেতৃত্বত) কংগ্ৰেছক যথেষ্ট লাভান্বিত কৰিছিল। ” মোক কাৰ্যবাহী সভাপতি কৰাৰ পাছতো, মোক কোনো দায়িত্ব দিয়া হোৱা নাছিল। মোক আনকি মুখ্য দলীয় সভালৈও নিমন্ত্ৰণ কৰা হোৱা নাছিল। যোৱা তিনি বছৰত কেতিয়াও মোৰ সংবাদমেলৰ আয়োজন কৰা নাছিল,” কংগ্ৰেছ এৰি যোৱাৰ পিছত হাৰ্দিক পেটেলে এনেদৰে কৈছিল।
এইখিনিতে উল্লেখ কৰিব লাগিব যে বিজেপি চৰকাৰে শেহতীয়াকৈ ২০১৫ চনৰ সংৰক্ষণ আন্দোলনৰ সন্দৰ্ভত হাৰ্দিক পেটেল আৰু অন্যান্যৰ বিৰুদ্ধে পঞ্জীয়ন কৰা কেইবাটাও গোচৰ প্ৰত্যাহাৰ কৰিবলৈ পদক্ষেপ লৈছে।
যিহেতু বিজেপি দুটা দশকৰো অধিক সময় ধৰি ৰাজ্যখনত শাসনত আছে। ২৮ বছৰীয়া পেটেলে ২০১৫ চনত তেওঁৰ পাতিদাৰ সম্প্ৰদায়ৰ বাবে সংৰক্ষণৰ দাবীত এক হিংসাত্মক আন্দোলনৰ নেতৃত্ব দিছিল আৰু অতীতত তেওঁ বিজেপিৰ এজন শক্তিশালী সমালোচক আছিল।