ইতিমধ্যে অগ্নিবীৰ আঁচনি অধীনত ভাৰতীয় বায়ুসেনা আৰু নৌসেনা ই ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া আৰম্ভ কৰিছে । এক জুলাই পৰা ভাৰতীয় আৰ্মী ত ও যুৱকসকলৰ ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া আৰম্ভ হ’ব । এয়া উঠি অহা নৱ প্ৰজন্ম ৰ কাৰনে ভাৰতীয় সামৰিক বাহিনীত যোগদান কৰা বিশেষ সুবিধা । কিন্তু কৰোৱা ত অসমৰ যুৱক সকলে আঁচনি খনক লৈ যেন যিখিনি সজাগ হ’ব লাগিছিল , সেই সজাগতা তেওঁলোকৰ মাজত দেখা যোৱা নাই । এইটো ও নিশ্চিত যে বহুদিনৰে পৰা হৈ থকা নেৰা নেপেৰা বৰষুণৰ কাৰনে সৃষ্টি হোৱা বানপানী য়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত যথেষ্ট ক্ষতি সাধন কৰিছে । উচিত তথ্য ৰ অভাৱতেই হওক বা প্ৰাকৃতিক দুৰ্যোগ ৰ কাৰণেই হওক অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক সকলে অগ্নিবীৰ আঁচনিটোৰ ৰ লৈ যিমান আগ্ৰহী হ’ব লাগিছিল , কিবা কাৰনত যেন হ’ব পৰা নাই ।

আনহাতে একাংশ মৌলানা ই শুক্ৰবাৰৰ নামাজৰ পিছত মুছলমান যুৱকসকলক অগ্নিবীৰ আঁচনি ৰ দ্বাৰা ভাৰতীয় সামৰিক বাহিনীত যোগদান দিবলৈ আহ্বান জনাইছে । কিন্তু কিয় এই তৎপৰ ভাৰতৰ মুছলমান মৌলৱীসকল ? অগ্নিবীৰ ৰ এই চাৰিবছৰীয়া প্ৰশিক্ষণ তথা কাৰ্যক্ৰম ত উচ্চ শ্ৰেণীৰ সামৰিক প্ৰশিক্ষণ ৰ লগতে বিভিন্ন অস্ত্ৰ চলোৱাৰ ও প্ৰশিক্ষণ লাভ কৰিব ।আজি, যিটো সময়ত মুছলমান যুৱকসকলে অগ্নিবীৰৰ ৰ দ্বাৰা ভাৰতীয় সামৰিক বাহিনী ত যোগদান কৰিবলৈ তৎপৰ হৈ আছে , অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ হিন্দু যুৱকসকল বাট দেখুৱাবলৈ যেন যোগ্যজনৰ অভাৱ । আজি অসম ৰ প্ৰতিখন গাঁও ৰ শিক্ষিত সমাজে যদি গাঁৱ ৰ যুৱকসকলৰ মাজত সজাগতা আনি প্ৰশিক্ষণ ৰ ব্যৱস্থা কৰে নিশ্চিত ভাৱে যুৱকসকল আগ্ৰহী হ’ব । গৰমবন্ধ ৰ সময়চোৱাত বিদ্যালয় ৰ শিক্ষক শিক্ষয়িত্ৰী ৰ দ্বাৰা ও অতি সহজে গাঁৱ কেন্দ্ৰিক প্ৰশিক্ষণ ব্যৱস্থা গঢ়ি তুলিব পাৰি । ইতিমধ্যে কেইবাটাও অৰাজনৈতিক সংগঠনে এই কাম হাতত লৈছে , কিন্তু প্ৰতিখন গাঁও লৈ সোমাবলৈ হ’লে গাঁৱকেন্দ্ৰিক পৰিকল্পনা কৰাটো অত্যন্ত ই প্ৰয়োজনীয় । আমাৰ অলপ কষ্ট আৰু সজাগতাৰ কাৰনে যদি আমাৰ গাঁৱ ৰ যুৱক সকলে ভাৰতমাতৃ ৰ সেৱা কৰিবলৈ সুযোগ পায় , তাতকৈ গৌৰৱ ৰ কথা কি হ’ব পাৰে ।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial