দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাথোঁ কেইটামান দিন বাকী। বিশেষভাৱে বিশেষৰূপত এইবাৰ আয়োজন কৰিবলৈ লোৱা হৈছে স্বাধীনতা দিৱস। কিন্তু এনে সময়তে নিষিদ্ধ ঘোষিত সশস্ত্ৰ সংগঠন ULFA(স্বাঃ) স্বাধীনতা দিৱস বৰ্জন কৰিবৰ বাবে জনাইছে আহ্বান।

১৫ আগষ্টত বন্ধ ঘোষণা কৰি সংবাদ মাধ্যমসমূহলৈ ই-মেইলৰ জৰিয়তে পত্ৰ প্ৰেৰণ সংগঠনটোৰ প্ৰচাৰ বিভাগে।

পত্ৰত সংগঠনটোৱে উল্লেখ কৰিছে যে “সমস্যাত তথাকথিত স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো ককবকাই আছে। সৰ্বসাধাৰণৰ জীৱনশৈলী নিম্নগামীৰ এনে আপদকালত পীড়িত জনগণৰ কাষত থিয় দিবলৈ অসমৰ্থ ৰাষ্ট্ৰই ১৫ আগষ্টত, ইয়াৰ ৭৬ সংখ্যক তথাকথিত ‘স্বাধীনতা দিৱস’ উদযাপন কৰিবলৈ লোৱাটো অন্যায়, ঐতিহাসিকভাৱে অপ্রাসংগিক আৰু মূল্যহীন”।

“প্রতি বছৰে অসম, নাগাভূমি, মণিপুৰ, ত্ৰিপুৰা, মেঘালয়ত ইয়াক পালন কৰাত আমি বিৰোধিতা কৰি আহিছোঁ। এইবেলিও অসম আৰু নাগালেণ্ডৰ উপৰিও মণিপুৰ, ত্ৰিপুৰা, মেঘালয়ৰ সমূহ ৰাজনৈতিক, অ-ৰাজনৈতিক, জাতীয় দল-সংগঠন আৰু সৰ্বস্তৰৰ ৰাইজক ভুৱা ‘স্বাধীনতা দিৱস’ৰ সকলো প্ৰকাৰৰ কাৰ্য্যক্রমনিকাত যোগদানৰ লগতে ব্যক্তিগত স্তৰতো পালন কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনালোঁ”।

“উপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ ভুৱা স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান আৰু আমাৰ প্ৰতিবাদী কাৰ্য্যসূচীৰ অন্যতম হ’ব ১৫ আগষ্টৰ ০০:০০ বজাৰ পৰা ১৮:০০ বজালৈ সৰ্বাত্মক বন্ধ। অৱশ্যে এই সময়ছোৱাত জৰুৰীকালীন বিভাগবোৰ, সংবাদ মাধ্যম আৰু ধৰ্মীয় কাম-কাজ বাহাল থকাত কোনো বাধা নিষেধ প্রদান কৰা হোৱা নাই”।

এনেদৰে পুনৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনালে আলফা স্বাধীনে।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial