বিষ্ণুপ্ৰসাদ ৰাভা , এনে এক সত্তা যিজন নিজেই নিজৰ কামৰ কাৰনে প্ৰখ্যাত । তেওঁ নিজকে শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিবলৈ কাৰো আদৰ্শ ধাৰে লোৱা নাছিল । পৰিস্থিতি য়ে তেওঁ ক যেনেকৈ ভাজ হ’বলৈ বাধ্য কৰাইছিল , সেই ভাজকেই নিৰ্মালি হিচাপে গ্ৰহন কৰি তেখেতে নিজৰ সুকীয়া পৰিচয় দাঙি ধৰিছিল ।

অসমীয়া জাতীয় জীৱন আৰু কলা শিল্প সংস্কৃতি ৰ চিৰপ্ৰোজ্জ্বল এটি বিৰল ব্যক্তি সত্তা আছিল বিষ্ণুপ্ৰসাদ ৰাভা । তেওঁ এই কাৰনে ও বিশেষ তেওঁ কেতিয়াও পৰিস্থিতি ক দোষ দি হাত সাৱটি বহি থকা নাছিল । বৰ্ণিল অসমৰ কলা কৃষ্টি সংস্কৃতিৰ চহকী পথাৰখনত , অসমৰ ৰসাল মাটিত তথা নিপীড়িত জনগন ক আগুৱাই নিবলৈ তেখেতে প্ৰতিদিনেই সাধনা কৰিছিল । তেওঁ অনুভৱ কৰিছিল , অসমৰ জাতীয় জীৱনৰ গৌৰৱময় সাংস্কৃতিক সৌধটোৰ ভিত্তি হ’ল অসমৰ যুগ যুগ ধৰি বসবাস কৰি অহা বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক আহিলা সমুহ । কিন্তু, দুখৰ কথা যে বামপন্থী সকলে বিষ্ণুপ্ৰসাদ ৰাভা নিজৰ কৰাত উঠি পৰি লাগি আহিছে । কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱক বামপন্থী বুলি কব বিচৰা সকলে জানিব লাগে যে ৰাভা দেৱে অসমত শংকৰী দৰ্শন আৰু পুনৰুত্থান ৰ জৰিয়তে অসমতৰ সকলো জনগোষ্ঠীৰ উপৰি নগা , মণিপুৰ ,খাচি তথা অন্যান্য জাতি জনগোষ্ঠী সমুহক সামৰি বৰ অসম গঢ়াৰ যি এক সপোন দেখিছিল , সেয়াই তেওঁ ক বিশেষ কৰি তুলিছিল । আজি একাংশ বামপন্থী য়ে মহাপুৰুষ শংকৰদেৱ ক ও বামপন্থী কৰাব যি পৰিকল্পনা কৰিছিল , সেয়া ও আছিল অসমীয়া জাতিৰ বিৰুদ্ধে কৰা এক পৰিকল্পিত ষড়ষন্ত্ৰ । শংকৰদেৱ ৰ ক্ষেত্ৰত তেওঁলোক হাৰিল কিন্তু বিষ্ণু প্ৰসাদ ৰাভা ৰ ৰঙা ৰঙ দিবলৈ তেওঁলোকে বছৰ বছৰ ধৰি উঠি পৰি লাগিছে । তেওঁলোকে ভাল কৈ জানে বিষ্ণুপ্ৰসাদ ৰাভা এনে এক সত্তা , যিজনে নিজৰ সৰ্বোচ্চ ত্যাগ কৰিছিল ৰাইজৰ কাৰনে । কিন্তু, এই ত্যাগ ৰ ভাবনা জানো মাৰ্ক্সৰ ধাৰণাত প্ৰতিফলিত হৈছিল কেতিয়াবা ? এক কথাত কব পাৰি , মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পদাংক অনুসৰণ কৰি কলাগুৰু ৱে গুৰুজনাৰ আধৰুৱা কামখিনি হে যেন সম্পূৰ্ণ কৰিবলৈ যত্নপৰ হৈ পৰিছিল । উল্লেখ্য যে গুৰুজনাৰ পিছতেই ৰাভা দেৱৰ দৃষ্টি ত ভগৱান ৰূপে অধিষ্ঠিত আছিল শ্ৰীকৃষ্ণ ।

তেনে ক্ষেত্ৰত মাৰ্ক্সৰ দৰে এটি বিদেশী আদৰ্শৰ লগত ৰাভা ক মিহলি কৰোৱাটো কেতিয়াও গ্ৰহনযোগ্য হ’ব নোৱাৰে । বিষ্ণুপ্ৰসাদ ৰাভা যদি ইমানেই বামপন্থী প্ৰিয় আছিল তেন্তে তেওঁ ৰ লিখনিত কোনো দিনে মাৰ্ক্সৰ গুণানুকীৰ্তন কৰা দেখা পোৱা নাই যোৱা । ই প্ৰমান কৰে যে বিষ্ণুপ্ৰসাদ ৰাভা ক বামপন্থী পিছত দিয়া প্ৰলেপ হে মাথো । কোনোৱে সমাজৰ প্ৰতিটো শ্ৰেনীৰ কথা কলে বুলিয়েই বামপন্থী হৈ নাযায় , যদি সমাজৰ সকলো শ্ৰেণীৰ কথা কলেই বামপন্থী হৈ যায় তেন্তে ভাৰতীয় সাধু সন্ত বোৰ ও বামপন্থী হ’ব নেকি ? সকলোৰে কাৰনে অনুভৱ কৰাটো সনাতনী সভ্যতা ৰ এটি দায়িত্ব , অতীজৰে পৰা বসুধৈব কুটুম্বকম্ ৰ আদৰ্শ ৰ ওপৰত বিশ্বাস ৰাখি চলি অহা সনাতনী আদৰ্শ ক বিষ্ণুপ্ৰসাদ ৰাভা দেৱে সচা অৰ্থ ত আগুৱাই নিবলৈ যথাসম্ভৱ চেষ্টা কৰিছিল ।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial