সুকলমে অনুষ্ঠিত হৈ গ’ল উত্তৰ-পূব ভাৰতৰ অন্যতম শ্রেষ্ঠ সংবাদ মাধ্যম আৰু যোগাযোগ আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত দুদিনীয়া সংবাদ আয়োজন।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইন্দিৰা মিৰি কনফাৰেন্স হলত অনুষ্ঠিত হয় এই সন্মিলন।

উল্লেখযোগ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণ যোগাযোগৰ অধ্যয়ন কেন্দ্ৰ ভাৰতৰ যোগাযোগ আৰু সংবাদ মাধ্যম অধ্যয়নৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ অন্যতম প্রতিষ্ঠান।

সন্মিলনত সাংবাদিকতা,জনসংযোগ, চিনেমা, অনলাইন সংবাদ মাধ্যমৰ ওপৰত বৃদ্ধি পোৱা গুৰুত্বপূৰ্ণ পদ্ধতি আৰু এই বৈচিত্রময়তাৰ মাজেৰে কাৰিকৰী সূক্ষ্মতাসমূহ বুজি পোৱাৰ তাৎপৰ্য্যৰ ওপৰত চৰ্চা কৰা হয়।

সন্মিলনৰ উদ্বোধনী অধিবেশনত সাংবাদিকতাৰ নতুন জগত, তথ্য আৰু গল্প কোৱাৰ জৰিয়তে জনসংযোগ, স্বতন্ত্র চলচ্চিত্র নিৰ্মাণৰ নিত্য নতুন পদ্ধতি আৰু সংবাদ জগতৰ আকর্ষণীয়, নিত্য পৰিৱৰ্তিত গতিশীলতাৰ বিষয়ে আলোচনা কৰা হয়।

সন্মিলনত উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞান বিভাগৰ ছাত্ৰ গুৰু ড° দেৱ কুমাৰ চক্ৰৱৰ্তী,উত্তৰ-পূব ভাৰতৰ বিশিষ্ট সাংবাদিক কর্মা পালজ’ৰ,অভিজ্ঞ সাংবাদিক ঐনিতম ওজা,অইলৰ মুখপাত্র ত্ৰিদিৱ হাজৰিকা,’বাঘজান’ খ্যাত চলচ্চিত্র নির্মাতা জয়চেং স্বতন্ত্র জয় দহোটীয়া আৰু গুৱাহাটীৰ মাষ্টাৰ পাপেট আৰ্টিষ্ট বিনীতা দেৱী।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial