বহু প্ৰতীক্ষা ৰ অন্তত ঘোষণা হ’ল মেট্ৰিক পৰীক্ষা ৰ ফলাফল ৰ তাৰিখ । মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এক টুইটযোগে ঘোষণা কৰিলে সেই বিশেষ দিনটোৰ কথা । উল্লেখযোগ্য যে , হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা এইবাৰ ১৫ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈকে অনুষ্ঠিত হৈছিল৷ ইয়াৰ আগতেও ছেৱা ৰ বিষয়াসকলে জনাইছিল যে , পৰীক্ষা ৰ কাগজ সংশোধন এতিয়াও সম্পূৰ্ণ হোৱা নাই , যাৰ বাবে ফলাফল ঘোষণাত কিছু পলম হৈছে । পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ প্ৰায় দুটা মাহ পাৰ হৈ যোৱাৰ পাছতো ফল ঘোষণা নকৰাত উদ্বিগ্ন হৈ পৰিছিল ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল৷

বিভিন্ন সামাজিক সংগঠনেও ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ স্বাৰ্থতে জুনৰ প্ৰথম সপ্তাহতে পৰীক্ষাৰ ফল ঘোষণা কৰিবলৈ দাবী উত্থাপন কৰিছিল৷ ইয়াৰ পাছতেই মুখ্যমন্ত্ৰী ড॰ শৰ্মাই অহা ৭ জুনত মেট্ৰিক পৰীক্ষাৰ ফল ঘোষণা কৰা হ’ব বুলি টুইটযোগে জানিবলৈ দিয়ে৷ ইয়াৰোপৰি জুন মাহৰ ভিতৰতেই ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক ৰ ৰিজাল্ট । মেট্ৰিক ৰ দৰে উচ্চতৰ মাধ্যমিক ৰ ৰিজাল্ট ও অতি সোনকালে দিব লাগে নহ’লে অসমৰ বাহিৰৰ কলেজত নামভৰ্তি কৰিবলৈ অত্যন্ত কষ্ট ভুগিব লাগে অসমৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰী সকলে । উল্লেখযোগ্য যে , এইবাৰ ভাৰতবৰ্ষ ৰ প্ৰায় বোৰ কলেজত Centeral Universities Common Entrance test ৰ দ্বাৰা হে ডিগ্ৰী ৰ কোৰ্ছ ত নামভৰ্তি কৰিব পাৰিব ।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial