
অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে ২৭ জুনত উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। তাৰিখ আৰু সময় নিশ্চিত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে “HS ৰ ফলাফল ২৭ জুনৰ পুৱা ৯ বজাত ঘোষণা কৰা হ’ব। পৰীক্ষাৰ ফলাফলৰ বাবে মোৰ তৰফৰ পৰা শুভকামনা” এনেদৰে মুখ্যমন্ত্ৰী গৰাকীয়ে টুইট কৰে।
পৰীক্ষাৰ ফলাফল অফিচিয়েল ৱেবছাইটত উপলব্ধ হ’ব। ৱেবছাইট কেইটা হৈছে ক্ৰমে- www.ahsec.assam.gov.in
resultsassam.nic.in
এই ফলাফল লাভ কৰিবলৈ প্ৰাৰ্থীসকলে তেওঁলোকৰ ৰোল নম্বৰ, পঞ্জীয়ন নম্বৰ, জন্ম তাৰিখ ব্যৱহাৰ কৰিব লাগিব।
এই বছৰ প্ৰায় ২ লাখ শিক্ষাৰ্থীয়ে ১২ এপ্ৰিলত সমাপ্ত হোৱা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সফলতাৰে উত্তীৰ্ণ হ’বলৈ শিক্ষাৰ্থীসকলে মুঠ আৰু সামগ্ৰিকভাৱে নিম্নতম ৩০ শতাংশ নম্বৰ লাভ কৰিব লাগিব।