Politics

অত্যন্ত গৌৰৱৰ মুহুৰ্ত : ভাৰতীয় সেনাৰ প্ৰথম মহিলা বিমানচালক!

ইচ্ছা থাকিলে ভাৰতীয় মহিলাই কি কৰিব নোৱাৰে । সেয়াই প্ৰমান কৰি দেখুৱাইছে কেপ্টেইন অভিলাষা বৰা য়ে । কেপ্তেইন অভিলাষা বৰা ভাৰতীয় সেনাৰ বিমান পৰিবহণ ক্ষেত্ৰত কম্বেট এভিয়েটৰ হিচাপে যোগদান কৰা প্ৰথমগৰাকী মহিলা বিষয়া হিচাপে পৰিগণিত হয়।উল্লেখযোগ্য যে , ভাৰতীয় সেনাৰ বিমান পৰিবহন বিভাগত যোগদান কৰা কেপ্তেইন অভিলাষা বৰায়েই দেখুৱাই দিলে যে সুযোগ পালে ভাৰতৰ প্ৰতিগৰাকী মহিলাই দেখুৱাই দিব পাৰে , দৰাচলতে তেওঁলোক পুৰুষতকৈ কোনো গুণে দুৰ্বল নহয় ।

ভাৰতীয় সেনাৰ বাবে ‘Golden Letter Day’ হিচাপে বৰ্ণনা কৰা কেপ্তেইন বৰাক কম্বেট আৰ্মী এভিয়েশ্যন ট্ৰেইনিং স্কুল, নাছিকত অনুষ্ঠিত এক বিদায় অনুষ্ঠানত ডাইৰেক্টৰ জেনেৰেল আৰু কৰ্ণেল কমাণ্ডেণ্ট আৰ্মি এভিয়েশ্যনে তেওক মেডেল প্ৰদান কৰে।ভাৰতীয় বায়ুসেনা আৰু নৌসেনাৰ দৰে এতিয়ালৈকে ভাৰতীয় সেনা ত উৰণ ক্ষেত্ৰত কোনো মহিলা বিষয়া নাছিল।

২০২১ চনত তদানীন্তন সেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাৱনে ২০২২ চনৰ পৰা সেনা বিমান পৰিবহণ বাহিনীত মহিলাসকলক পাইলট হিচাপে নিযুক্তি দিয়া হ’ব বুলি কৈছিল।তেওঁ আৰু জনাইছিল যে মহিলা পাইলটসকলে ফৰৱাৰ্ড স্থানলৈ হেলিকপ্টাৰ উৰুৱাৰ লগতে সীমান্তত সংঘটিত হৈ থকা অভিযানৰ অংশও হ’ব পাৰিব । সেনা বিমান পৰিবহণ বাহিনীৰ প্ৰধান কাম হৈছে মূলতঃ উচ্চ উচ্চতাত থকা অঞ্চলত অভিযান বা স্বাস্থ্য সম্বন্ধীয় জৰুৰীকালীন অৱস্থাৰ সময়ত আহত সৈন্যক সহায় কৰা। ইয়াৰ উপৰিও সেনাৰ এই বিমান পৰিবহণ বাহিনী চোৰাংচোৱাগিৰি, পৰ্যবেক্ষণ, অত্যাৱশ্যকীয় অস্ত্ৰ লোড আৰু ড্ৰপ কৰাৰ লগতে বিভিন্ন অনুসন্ধান আৰু উদ্ধাৰৰ বাবে ব্যৱহাৰ কৰা হয়।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial