
শিৱসাগৰ জিলাৰ ডিমৌৰ গোহাঁইবাৰী চাহ বাগিচাত এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ বেদনাদায়ক কাহিনী এটা উন্মোচন কৰিছে। দুৰ্ভগীয়া কিশোৰীগৰাকীক এটা লম্পটে বলাৎকাৰ কৰিছিল। কিন্তু কিশোৰীগৰাকীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি পৰিয়ালৰ লোকে কথাটো গোপনে ৰাখিছিল। এটা অক্ষমনীয় অপৰাধ কৰিও সাৰি গৈছিল পাষণ্ডটো। কিন্তু ঘটনাটোত গৰ্ভৱতী হৈ পৰা কিশোৰীগৰাকীয়ে যোৱা বুধবাৰে এটা সন্তান প্ৰসৱ কৰে। এইবাৰো লজ্জা ঢাকিবলৈ পৰিয়ালৰ লোকে নৱজাতকক ঘৰৰ চৌহদতে পুতি থয়। মৃতদেহটো বৃহস্পতিবাৰে নিশা নিতাইপুখুৰী আৰক্ষীয়ে উদ্ধাৰ কৰে। লগে লগে ধৰ্ষণৰ ঘটনাটো পোহৰলৈ আহে। আৰক্ষীয়ে ছট প্ৰৰ্জাৰ নামৰ নৰাধমটোকো গ্ৰেপ্তাৰ কৰে। পাষণ্ডটো চাহ বাগিচাখনৰ ২নং লাইনৰ বাসিন্দা।
আৰক্ষী সূত্ৰে পোৱা খবৰ অনুসৰি, নিতাইপুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত গোহাঁইবাৰী চাহ বাগিচাৰ ২ নম্বৰ লাইনৰ লম্পট চৰিত্ৰৰ ছট প্ৰৰ্জাই বলাৎকাৰ কৰাত মাতৃত্বৰ বোজা ল’বলৈ বাধ্য হয় একে লাইনৰে ১৩ বছৰীয়া এগৰাকী কিশোৰী।
মুখ লজ্জাৰ ভয়ত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে ধৰ্ষণৰ ঘটনা গোপনে ৰখাৰ চেষ্টা চলায়। কিন্তু ১৮ মে’ত কিশোৰীগৰাকীয়ে এটি সন্তান জন্ম দিয়ে।ইয়াৰ পিছতে কিশোৰীগৰাকীৰ পৰিয়ালে বুধবাৰে বিয়লি ওচৰ চুবুৰীয়াক নৱজাতকৰ মৃত্যু হোৱা বুলি কৈ নিজ ঘৰৰ চোতালতে পুতি থয়।
পৰৱৰ্তী সময়ত স্থানীয় ৰাইজ তথা প্ৰশাসনৰ ৰোষত পৰাৰ ভয়ত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে বিষয়টো গাঁওৰক্ষী বাহিনীক অৱগত কৰে। সেইদৰে ঘটনাটো ডিমৌ আৰক্ষীৰ কৰ্ণগোচৰ হয়।
লগে লগে ডিমৌ আৰক্ষীয়ে নৰাধম ছট প্ৰৰ্জাক নিজৰ জিম্মাত লোৱাৰ উপৰি কিশোৰীগৰাকীৰ পৰিয়ালৰ লোককো ঘটনা সন্দৰ্ভত সোধা-পোছা অব্যাহত ৰাখিছে।
আৰক্ষীয়ে কিশোৰীগৰাকীৰ পৰিয়ালে নিজ গৃহৰ চোতালত পুতি থোৱাৰ পৰা সদ্যোজাত শিশুটিৰ মৃতদেহ বৃহস্পতিবাৰে নিশা গাঁত খান্দি উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।