
জম্মু-কাশ্মীৰৰ কংগ্ৰেছ দলৰ এটা গুৰুত্বপূৰ্ণ পদৰ পৰা পদত্যাগ কৰিছে জ্যেষ্ঠ নেতা গুলাম নবী আজাদে। এই পদত্যাগে দলটোৰ ভিতৰত বিদ্ৰোহৰ ইংগিত দিছে। তেওঁক দলৰ প্ৰচাৰ সমিতিৰ অধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছিল কিন্তু তেওঁ নিযুক্তিৰ অলপ পিছতে পদৰ পৰা পদত্যাগ কৰিছে। তেওঁ দলৰ জম্মু আৰু কাশ্মীৰৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ পৰাও পদত্যাগ কৰিছে।
জ্যেষ্ঠ কংগ্ৰেছ নেতা গুলাম নবী আজাদক সক্ৰিয় ৰূপত প্ৰত্যক্ষ কৰা নহয়। জি-২৩ নেতাসকলৰ অন্যতম নেতা আজাদক আজিকালি দলীয় কাৰ্যসূচীতো দেখা পোৱা নাযায়।
উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এবাৰ এই প্ৰবীণ নেতাজনক প্ৰশংসা কৰিছিল। এই প্ৰশংসাৰ পিছত আজাদে পক্ষ সলনি কৰিব পাৰে বুলিও অনুমান কৰা হৈছিল।
দৰাচলতে জম্মু-কাশ্মীৰত দলৰ প্ৰচাৰ সমিতিৰ মুৰব্বী হিচাপে নিযুক্ত হোৱাৰ মাত্ৰ ৩ ঘণ্টা পিছত আজাদে পদত্যাগ কৰে। আজাদক সন্তুষ্ট কৰিবলৈ, কংগ্ৰেছে তেওঁৰ ঘনিষ্ঠ সহযোগী বিকাৰ ৰছুল ৱানীক ৰাজ্যখনৰ নতুন ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিছিল। কিন্তু আজাদে তেওঁৰ স্বাস্থ্যৰ কথা উল্লেখ কৰি পদ ত্যাগ কৰিছে। আজাদ দলৰ সিদ্ধান্তত সুখী নহয় বুলি বিশ্বাস কৰা হৈছে।
জি-২৩ নেতাসকলে ছোনিয়া গান্ধীলৈ দল সলনিৰ দাবীত এখন পত্ৰ লিখিছিল। যদিও দলটোৱে পৰৱৰ্তী পৰ্যায়ত নেতাসকলক ৰাখিবলৈ সফল হৈছিল কিন্তু আজাদ এই বিষয়টোৰ ক্ষেত্ৰত বিচ্ছিন্ন হৈ থকা যেন লাগিছিল। দলটোৱে আনকি তেওঁৰ ৰাজ্যসভাৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পিছত তেওঁক উচ্চ সদনলৈ ঘূৰাই পঠিয়াবলৈও গুৰুত্ব দিয়া নাছিল। দলটোৱে গান্ধী পৰিয়ালৰ ওচৰৰ নেতাসকলক তেওঁৰ স্থানত ৰাজ্যসভালৈ পঠিয়াইছিল।
ইয়াৰোপৰি নেচনেল হেৰাল্ড গোচৰত ছোনিয়া গান্ধীক ইডিয়ে সোধা-পোছাৰ সময়ত, আজাদে কেন্দ্ৰীয় চৰকাৰক এই তদন্ত বন্ধ কৰিবলৈ আহ্বান জনাইছিল। কিন্তু তেওঁ ইয়াৰ বিৰুদ্ধে দলৰ প্ৰতিবাদত মুকলিকৈ অংশগ্ৰহণ কৰা নাছিল। গতিকে এইসমূহৰ পৰা জানিব পৰা গৈছে যে আজাদ অসন্তুষ্ট হৈ পৰিছে দলটোৰ প্ৰতি। যাৰ ফলস্বৰূপে শেহতীয়াকৈ দলটোৰ গুৰুত্বপূৰ্ণ পদবীৰ পৰা কৰিছে পদত্যাগ।