
প্ৰাক্তন আন্তৰ্জাতিক টেষ্ট ক্ৰিকেটাৰ তথা ৰাজনীতিক নৱজোত সিং সিদ্ধুক এবছৰৰ কাৰাদণ্ড বিহিলে আদালতে। উচ্চতম ন্যায়ালয়ে তেওঁক ১৯৮৮ চনৰ এটা গোচৰত দোষী সাব্যস্ত কৰে। লক্ষণীয় কথাটো হ’ল, দোষী সাব্যস্ত হোৱা গোচৰটোত পূৰ্বে আদালতে সিদ্ধুক দোষমুক্ত ঘোষণা কৰিছিল। সেইটো আছিল ১৯৮৮ চনৰ এটা পথ আক্ৰমণৰ গোচৰ। আদালতে নৱজ্যোত সিং সিদ্ধুক দোষমুক্ত কৰাৰ পিছত ২০১৮ চনৰ মে’ত প্ৰদান কৰা এটা আদেশক তাৰ পুনৰীক্ষণৰ অনুমতি দিছিল উচ্চতম ন্যায়ালয়ে।এই সংঘৰ্ষত পাটিয়ালা নিৱাসী গুৰনাম সিঙৰ মৃত্যু হৈছিল।
নিৰ্দেশ অনুসৰি সিদ্ধুক পঞ্জাব আৰক্ষীয়ে নিজৰ জিম্মাত ল’ব। সিদ্ধুক আগতে ১,০০০ টকাৰ জৰিমনা আৰোপ কৰি ৰেহাই দিয়া হৈছিল। এতিয়া আইপিচিৰ ৩২৩নং ধাৰাৰ অধীনত সৰ্বাধিক সম্ভৱ শাস্তি সিদ্ধুক প্ৰদান কৰা হৈছে। শীৰ্ষ ন্যায়ালয়ে ২০১৮ চনত সিদ্ধুক দোষী সাব্যস্ত কৰি গোচৰটোত তিনি বছৰৰ কাৰাদণ্ড প্ৰদান কৰাৰ বাবে পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ আদেশ বাতিল কৰিছিল। কিন্তু তেওঁক এজন জ্যেষ্ঠ নাগৰিকক আঘাত দিয়াৰ বাবে দোষী সাব্যস্ত কৰিছিল।পিছত ২০১৮ চনৰ ছেপ্টেম্বৰত, শীৰ্ষ ন্যায়ালয়ে মৃতকৰ পৰিয়ালৰ সদস্যসকলৰ দ্বাৰা দাখিল কৰা পুনৰীক্ষণ আবেদন পৰীক্ষা কৰিবলৈ সন্মত হৈছিল আৰু ইয়াৰ ওপৰত সিদ্ধুক জাননী জাৰি কৰিছিল।