অসমৰ কেইবাটাও ঠাইত বানপানীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। বানাক্ৰান্ত অঞ্চলসমূহত বিভিন্ন ৰাজনৈতিক ব্যক্তি, বিভিন্ন সংগঠনসমূহে পৰিদৰ্শন কৰিছে। এই সমূহৰ লগে লগে বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি থকা অসমৰ কাছাৰৰ উপায়ুক্ত কীৰ্তি জাল্লি নামৰ IAS বিষয়াগৰাকীৰ কিছুমান ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

IAS বিষয়া কীৰ্তি জাল্লিয়ে বোকাৰ মাজেৰে গৈ ৰাজ্যখনৰ কিছুমান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। অঞ্চলবোৰৰ পৰিস্থিতিৰ বুজ লৈছিল।

বহুতেই উপায়ুক্ত কীৰ্তি জাল্লিক তেওঁৰ নিষ্ঠা আৰু সেৱাৰ প্ৰতি সামাজিক মাধ্যমত প্ৰশংসা কৰিছে। ইয়াৰোপৰি এটা ভাইৰেল ভিডিঅ’ত বিষয়াগৰাকীক ভৰি ধুবলৈ পানী দিছিল। তেতিয়া এগৰাকী স্থানীয় লোকক কৈছিল যে- “ভৰি ধুবৰ বাবে পৰিষ্কাৰ পানীৰ প্ৰয়োজন নাই, মোৰ ভৰি পৰিষ্কাৰ কৰিবলৈ মোক বানপানী দিয়ক।”

২৫ মে’ত কীৰ্তি জাল্লিয়ে বৰখোলা উন্নয়ন খণ্ডৰ অন্তৰ্গত চেছৰি জিপি (গ্ৰাম পঞ্চায়ত), চুত্ৰাচাংগান গাঁৱৰ বান পানী আৰু খহনীয়া প্ৰভাৱিত এলেকাবোৰ বোকাৰ জৰিয়তে খোজকাঢ়ি পৰিদৰ্শন কৰিছিল য’ত তেওঁ বান পানী আৰু খহনীয়াৰ ফলত তেওঁলোকৰ সমস্যা বুজিবলৈ স্থানীয় লোকসকলৰ সৈতে বাৰ্তালাপ কৰে।

তেওঁ সংশ্লিষ্ট বিষয়াসকলক ক বান পানী আৰু খহনীয়াৰ পৰা সুৰক্ষিত কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰোপৰি তেওঁ বানপীড়িত লোকসকলৰ মাজত সাহায্য সামগ্ৰীও বিতৰণ কৰে।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial