Politics Government Entrepreneurship

শনিবাৰে মাজনিশাৰ পৰা দেশজুৰি হ্ৰাস পালে পেট্ৰ’ল আৰু ডিজেলৰ দাম। মুদ্ৰাস্ফীতিয়ে অভিলেখ সৃষ্টি কৰা দে

শনিবাৰে মাজনিশাৰ পৰা দেশজুৰি হ্ৰাস পালে  পেট্ৰ’ল আৰু ডিজেলৰ দাম। মুদ্ৰাস্ফীতিয়ে অভিলেখ সৃষ্টি কৰা দে

২০৩০ চনত ভাৰতৰ কমেও ৯ কোটি লোক তীব্র খাদ্যসংকটত (Food crisis) পৰিব। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্বৰ ভোক নিবাৰণ কৰিবলৈ পণ লোৱা ভাৰতৰ ভৱিষ্যতক লৈ আশংকা ব্যক্ত কৰিছে একাংশ বিজ্ঞানীয়ে।

আন্তর্জাতিক খাদ‌্যনীতি গৱেষণা কেন্দ্রৰ বৈশ্বিক খাদ‌্যনীতি প্ৰতিবেদন ২০২২ত এই উদ্বেগজনক তথ‌্য সন্নিৱিষ্ট কৰা হৈছে। দেশখনত পৰিস্থিতি যিটো দিশে অগ্ৰসৰ হৈছে, তাৰে আধাৰত এই আশংকা ব্যক্ত কৰা হৈছে।
উল্লেখ্য যে বহুদিন ধৰি পৃথিৱীখন জলবায়ু পৰিৱর্তনৰ (Climate change) ৰোষৰ মুখত। সমান্তৰালকৈ চলিছে বহু গৱেষণাও। তেনে এটা গৱেষণাৰ সূত্রে সম্প্রতি জনা গৈছে, জলবায়ু পৰিৱর্তনৰ বাবে ভাৰতৰ বিস্তীর্ণ অঞ্চলজুৰি কৃষি আৰু খাদ্য সংকট দেখা দিব পাৰে!
আইপিচিচিৰ প্ৰতিবেদনত সতর্ক কৰি কোৱা হৈছে, জলবায়ু পৰিৱৰ্তনৰ ফলত ভাৰতত চাউল উৎপাদন ১০ৰ পৰা ৩০ শতাংশ কমিব পাৰে। সবাতকৈ সমস্যাত পৰিব ব ভাৰত আৰু পাকিস্তান।
কৃষিপ্রধান দেশ ভাৰত। দেশখনত কেতি3 অতিবৃষ্টি হয়, কেতিয়াবা আকৌ হয় অনাবৃষ্টি। তাৰ সৈতে আছে প্রবল গৰম। কৃষিৰ বাবে প্রয়োজনীয় প্রাকৃতিক পৰিৱেশ আৰু নাথাকিব। ইযাৰ প্ৰভাৱ ফচলত পৰিছেই। আইপিচিচিৰ প্রতিবেদনটো অনুসৰি, চৰম জলবায়ু পৰিস্থিতিত সংকটৰ মুখত পৰিবলৈ গৈছে দক্ষিণ এছিয়াৰ খাদ্য-নিৰাপত্তা। ৰাষ্ট্রসংঘৰ সংস্থাটোৰ প্রতিবেদনত দাবী কৰা হাছে, জলবায়ু পৰিৱর্তনৰ কাৰণে বান আৰু খৰাং বাঢ়িব। ইয়ে ভাৰত, পাকিস্তানসহ দক্ষিণ এছিয়াৰ বহু অঞ্চলত সংকট সৃষ্টি হ’ব। ‘জলবায়ু পৰিৱর্তন ২০২২ : প্রভাৱ, অভিযোজন আৰু সংকট’ শীর্ষক প্রতিবেদনটোত এছিয়াৰ কৃষি আৰু খাদ্য ব্যৱস্থাত জলবায়ু সম্পর্কিত সংকটক লৈ বহু কথা কোৱা হৈছে। ইয়ে ভাৰত-পাকিস্তানৰ দৰে কৃষিভিত্তিক অর্থনীতিৰ ওপৰত নিৰ্ভৰশীল দেশত সমস্যা গভীৰ কৰি তুলিব।
প্রতিবেদনত কোৱা হৈছে, কার্বন নির্গমন যদি ক্ৰমশঃ বাঢ়ি থাকে বৃহৎ সমস্যাত পৰিব ভাৰতৰ ১১খন ৰাজ্য। তাৰ ভিতৰত আছে পশ্চিমবংগ, ওড়িশা, অসম, মেঘালয়, ত্রিপুৰা, বিহাৰ, ঝাড়খণ্ড, ছত্তিশগড়, উত্তৰপ্রদেশ, হাৰিয়ানা আৰু পঞ্জাব। দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াযত জলবায়ু পৰিৱর্তনৰ কুপ্রভাৱ পৰিব মৎস্য, জলজ উদ্ভিদ আৰু ফচল উৎপাদনৰ ওপৰত। মাকৈৰ উৎপাদন ২৫-৭০ শতাংশ কমিব পাৰে। জলবায়ু পৰিৱৰ্তনৰ কুপ্রভাৱত ৯.০৬ কোটি ভাৰতবাসী (২২.৬৯ শতাংশৰ অধিক) অনাহাৰৰ সংকটত পৰিব।

ভাৰতৰ খাদ‌্য উৎপাদনৰ পৰিমাণ জোখা হয় ‘এগ্রিগেট ফুট প্রোডাকচন’ সূচকৰ জৰিয়তে। এই সূচকৰ আওতাত খাদ‌্যশস‌্য, মাংস, ফল, শাক-পাচলি, তৈলবীজ, দাইল সকলো আছে। প্রতিবেদনত কোৱা হৈছে, ২০৪১ চনৰ পৰা ২০৬০ চনৰ ভিতৰত কৃষিজাত সামগ্ৰীৰ উৎপাদন ১.৮ৰ পৰা ৬.৬ শতাংশ কমিব পাৰে আৰু ২০৮০ চনৰ ভিতৰত সেই উৎপাদন ৭.২—২৩.৬% পর্যন্ত কমিব পাৰে।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial