প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো কাৰ্যকালৰ আধাৰো অধিক সময় পাৰ হ’ল। এই সময়ঠোৱাত চৰকাৰখনে প্ৰতিকূল পৰিস্থিতিৰ মাজতো দেশখনৰ জনসাধাৰণৰ আৰ্থিক প্ৰগতিৰ বাবে যথেষ্ট কাম কৰিবলৈ সক্ষম হৈছে। কৰোনাপিষ্ট দেশখনৰ অৰ্থনীতীয়ে লাহে লাহে পুনৰ মূৰ দাঙি উঠিবলৈ ধৰিছে। এই ধাৰা অব্যাহত ৰাখি চৰকাৰখনে শেহতীয়াকৈ এটা যুগান্তকাৰী পদক্ষেপ লোৱাৰ দিশে অগ্ৰসৰ হৈছে। ইয়াৰ জৰিয়তে দেশখনত বিৰাজমান আৰ্থিক বৈষম্যৰ ছবিখনৰ আমূল পৰিৱৰ্তন গটিব। দেশখন কোটি কোটি লোকক চৰম দাৰদ্ৰতাৰ পৰা ওপৰলৈ অনাটো সম্ভৱ হ’ব। এম জি এনৰেগাৰ আৰ্হিত এইবাৰ দেশৰ চহৰাঞ্চলত বসবাস কৰা দৰিদ্ৰ পৰিয়ালৰ বাবে বছৰি এশ কৰ্ম দিনৰ ব্যৱস্থা কৰিবলৈ চিন্তা-চৰ্চা কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে। প্রধানমন্ত্রীৰ আর্থিক উপদেষ্টা পৰিষদে চহৰৰ দৰিদ্ৰ পৰিয়ালক বছৰি এশ কৰ্ম দিন নিশ্চিত কৰাৰ দৰে আঁচনি এখন প্ৰৱৰ্তন কৰিবলৈ চৰকাৰক পৰামৰ্শ দিছে। ইয়াৰ দ্বাৰা দেশখনৰ চহৰাঞ্চলত বসবাস কৰা কোটি কোটি দৰিদ্ৰ লোকৰ বাবে ন্যূনতম আয় এটা নিশ্চিত কৰাৰ চিন্তা-চৰ্চা কৰা হৈছে। আঁচনিখন মূলতঃ দেশখনত আৰ্থিক বৈষম্য হ্ৰাসকৰণৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছে যাতে প্ৰতিটো পৰিয়ালক জীৱন যাপনৰ বাবে ন্যূনতম আয় এটা নিশ্চিত কৰিব পৰা যায়। প্রধানমন্ত্রীৰ আর্থিক উপদেষ্টা পৰিষদৰ নির্দেশত ‘ইনষ্টিটিউট ফৰ কম্পিটিটিভনেছ’-এ দেশৰ আর্থিক বৈসম্যক প্ৰতিবেদন এটা প্ৰ্স্তুত কৰিছে। আজি প্রধানমন্ত্রীৰ আর্থিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ বিবেক দেৱৰায়ে ‘দ্য ষ্টেট অৱ ইনইকুৱেলিটী ইন ইণ্ডিয়া’ নামৰ সেই প্ৰতিবেদনটো প্রকাশ কৰিছে। প্ৰতিবেদনত কোৱা হৈছে, গাঁও আৰু চহৰৰ মানুহৰ মাজত কামত যোগদানৰ হাৰৰ ব্যৱধানৰ হিচাপ কৰি ক’ব পাৰি যে চহৰতো এম জি এনৰেগাজাতীয় গ্রামীণ কৰ্মসংস্থাপনৰ নিশ্চয়তা থকা প্রকল্প আৰম্ভ কৰা উচিত। প্ৰকল্পটোৱে চাহিদা অনুসৰি নিশ্চিত কাম প্ৰদানৰ সুবিধা দিব। ইয়াৰ ফলত উদ্বৃত্ত শ্রমিকসকলে কৰ্মসংস্থাপন পাব। আয়ৰ বৈসম্য কমিব। সৰল অৰ্থত মানুহৰ ন্যূনতম আয় বৃদ্ধি কৰিবলৈ সকলোৰে বাবে ন্যূনতম আয় বা চৰকাৰী ভাট্টা নিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। মোদী চৰকাৰৰ প্রথমটো কাৰ্যকালত প্রাক্তন মুখ্য আর্থিক উপদেষ্টা অৰবিন্দ সুব্রহ্মণ্যমে এই ন্যূনতম আয়ৰ প্রকল্পৰ চুপাৰিছ কৰিছিলে।প্ৰতিবেদনত কোৱা হৈছে যে, দৰমহা বাঢ়িলেও তাৰ সুবিধা খুব কমসংখ্যক মানুহে পায়। গৰিৱৰ একো উপকাৰ নহয়। তদুপৰি, পুৰুষ আৰু মহিলাৰ মাজত আয়ৰ ক্ষেত্রত ব্যৱধানো যথেষ্ট। ফলত মহিলাৰ কাম সন্ধানৰ হাৰ কমি গৈছে। মাত্র এক শতাংশ মানুহে মুঠ আয়ৰ ছয়-সাত শতাংশ উপাৰ্জন কৰে। আয়ৰ মাপকাঠিত ওপৰৰ শাৰীত থকা ১০ শতাংশ মানুহ মুঠ আয়ৰ তিনি ভাগৰ এভাগ আয় কৰে। শিক্ষাৰ হাৰ যিমানেই বাঢ়ে, বেকাৰত্বৰ হাৰো সিমানেই বাঢ়ে। ২০১৯-২০ চনৰ সমীক্ষা অনুসৰি, কৰ্মসংস্থাপনৰ ক্ষেত্ৰত সবাতকৈ বেছিসংখ্যক মানুহ স্ব-নিযুক্ত কর্মী। মুঠ কর্মীৰ মাজত তেওঁলোকৰ সংখ্যা ৪৫ শতাংশৰো অধিক। নিয়মিত বেতনভৌগী কর্মীৰ হাৰ ৩৩.৫ শতাংশ, ঠিকাভিত্তিক কর্মীৰ হাৰ ২০.৭১ শতাংশ। সংখ্যাত অধিক হ’লেও অধিকাংশ স্ব-নিযুক্ত কর্মী কম আয়ৰ শ্রেণীত পৰে।
Please follow and like us: