Politics Government

সুখবৰ : পেট্ৰ’ল-ডিজেলৰ দাম কমিল

সুখবৰ : পেট্ৰ’ল-ডিজেলৰ দাম কমিল

শনিবাৰে মাজনিশাৰ পৰা দেশজুৰি হ্ৰাস পালে পেট্ৰ’ল আৰু ডিজেলৰ দাম। মুদ্ৰাস্ফীতিয়ে অভিলেখ সৃষ্টি কৰা দেশখনত দুয়োবিধ ইন্ধনৰ দাম হ্ৰাসে বজাৰ অৰ্থনীতিত কিছু সুস্থিৰতা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে শুল্ক হ্ৰাস কৰাত পেট্ৰ’ল-ডিজেলৰ দাম হ্রাস পালে। পেট্ৰ’লৰ দাম প্ৰতিলিটাৰত ৯.৫০ টকা আৰু ডিজেলৰ দাম প্ৰতিলিটাৰত ৭ টকাকৈ হ্ৰাস পাইছে।
নতুন নিৰিখ অনুসৰি আজি গুৱাহাটী পেট্ৰ’লৰ দাম ৯.৯২ টকা হ্ৰাস হৈ ৯৬.১৭ টকা হৈছে। ডিজেলত ৭.৭৬ টকা হ্ৰাস হৈ ৮৪.০৮ টকা হৈছে। দুয়োবিধ ইন্ধনৰ দাম হ্ৰাসে গ্ৰাহককো কিছু আৰ্থিক সকাহ দিব।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial