
উত্তৰপ্ৰদেশত অপৰাধ, অবৈধ দখল আদিৰ বিৰুদ্ধে বুলডোজাৰৰ ব্যৱহাৰ এতিয়া সহজ ঘটনা হৈ পৰিছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দ্বিতীয়টো ইনিংছটো অপৰাধৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰে আৰম্ভ কৰিছে। সেই হেতু চৰকাৰী বুলডোজাৰৰ পৰা ৰেহাই পোৱা নাই দৰগাহ। ভূমি বেদখল কৰি নিজৰ পৰিসীমা বৃদ্ধি কৰি থকা মোল্লাশ্বাহ দৰগাহত চলে চৰকাৰী বুলডোজাৰ। প্ৰদেশখনৰ এটা জিলাত বেদখল উচ্ছেদ অভিযানত দৰগাহটোৰ ওপৰত বুলডোজাৰ চলে। কাৰ্যটোৰ বাবে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী যোগীৰ উচ্চ প্ৰশংসা হৈছে।
ঘটনা সন্দৰ্ভত সংবাদমাধ্যমত প্ৰকাশ পোৱা অনুসৰি জিলাখনৰ অতিৰিক্ত জিলা দণ্ডাধীশে বুলডোজাৰ অভিযানক নিশ্চিত কৰিছে। তেওঁ কয় যে দৰগাহটো সুৰক্ষিত ৰখা হৈছে। কিন্তু তাৰ ওপৰত অবৈধভাৱে নিৰ্মাণ কৰা কোঠা ভাঙি দিয়া হৈছে। কোঠাত মানুহ থাকিবলৈ লৈছিল।
ইফালে সমাজবাদী পাৰ্টীয়ে প্ৰশাসনৰ কাৰ্যটোৰ বিৰোধিতা কৰিছে। দিবিয়াপুৰ সমষ্টিৰ বিধায়ক প্ৰদীপ যাদৱে কয়, আমাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অখিলেশ যাদৱৰ নিৰ্দেশত সাতজনীয়া সদস্যৰ এটা প্ৰতিনিধি দলে ঘটনাটোৰ তদন্ত কৰিব। আমি কামটোৰ বিৰোধিতা কৰিছোঁ। তদন্ত প্ৰতিবেদন দলনেতা অখিলেশ যাদৱৰ হাতত অৰ্পণ কৰা হ’ব। লগতে বিধানসভাত চৰকাৰৰ কাৰ্যটোৰ কথা উত্থাপন কৰা হ’ব।
উল্লেখ্য যে প্ৰতি বৃহস্পতিবাৰে মোল্লাশ্বাহ দৰগাহক মেলা অনুষ্ঠিত হয়। মেলাত মূলতঃ চাদৰ বিক্ৰী হয়। সেই চাদৰ দৰগাহত অৰ্পণ কৰা হয়, ধূপ জ্বলোৱা হয়। দৰগাহটো কমেও ১০০ বছৰ পুৰণি।
উল্লেখ্য যে দৰগাহটো জিলা ন্যায়াধীশৰ আৱাসৰ সন্মুখতে অৱস্থিত। জিলা দণ্ডাধীশৰ চৰকাৰী বাসগৃহৰ গাতে লাগি আছে। প্ৰথমে দৰগাহটো সৰু আছিল। পিছলৈ আশেপাশে থকা ভূমি বেদখল কৰি ইয়াৰ পৰিসৰ বৃদ্ধি কৰা হয়। সমান্তৰালকৈ অবৈধ নিৰ্মাণো চলে।