যোৱা বছৰৰ দৰে এইবছৰ ও মিজোৰামত ভয়ানক ভাৱে বাঢ়িছে আফ্ৰিকান ছোৱাইন ফ্লুৰ প্ৰভাৱ ।দক্ষিণ মিজোৰামৰ লুংলাই জিলাৰ লুংচেন গাঁৱত প্ৰথমে আফ্ৰিকান ছোৱাইন ফ্লু ধৰা পৰিছিল। এই অঞ্চলটো বাংলাদেশৰ সীমাৰ খুব ওচৰত।মিজোৰামৰ সীমা অসম, মণিপুৰ আৰু ত্ৰিপুৰাৰ সৈতে থকাত এই ৰাজ্যকেইখনলৈও বিপদৰ আশংকা দেখা গৈছে। ২০২২ বৰ্ষ ত মণিপুৰ ত এই ভাইৰাছ-বাহিত ৰোগৰ খবৰ পোৱা গৈছে। উল্লেখ্য যে , এতিয়ালৈকে পাচ হাজাৰৰো উৰ্দ্ধত গাহৰিৰ মৃত্যু হৈছে আফ্ৰিকান ছোৱাইন ফ্লুৰ বাবে। ইয়াৰোপৰি এই ছোৱাইন ফ্লুৰ কাৰনে কেইবাহাজাৰো গাহৰি মাৰি পেলাব লগা হৈছে মণিপুৰ প্ৰশাসনে ।

ইতিমধ্যে মণিপুৰ ৰাজ্যখনৰ ১২ খন জিলাৰ কেইবাখনো গাঁওলৈ বিয়পি পৰিছে এইবিধ ফ্লু । ইতিমধ্যে ৰাজ্যখনৰ পশুপালন বিভগে ৰাজ্যখনত পশুধনৰ দুৰ্যোগ বুলি ঘোষণা কৰিছে । উল্লেখ্য যে , কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে মণিপুৰ ত দুৰ্যোগৰ বাবে ক্ষতিপূৰণ ঘোষণা কৰিছে লগতে কোৱা হৈছে যে ভাইৰাছৰ বাবে মৃত্যু হোৱা পশুধনৰ পালকসকলক ৫০ শতাংশ ধন দিয়া হব । যোৱা বছৰো একেটা ৰোগত প্ৰায় ৩৪ হাজাৰটা গাহৰিৰ মৃত্যু হৈছিল।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial