
আমি প্ৰতিজনে অনুভৱ কৰোঁ যে, মহাপুৰুষ শ্ৰীমন্ত শংকৰগুৰুৰ সাংস্কৃতিক বাটেৰে বাট বুলি জ্যোতি-বিষ্ণুৰ অসীম প্ৰভাৱেৰে বিধৌত ভূপেন হাজৰিকাদেৱে অসমীয়া জাতিটোক প্ৰকৃত অৰ্থত বিশ্বমুখী যাত্ৰাৰে সন্মানিত কৰিছে। ভূপেন হাজৰিকাদেৱ দেৱৰ কণ্ঠ, কথা, সুৰ অসমীয়াৰ পৰিচয়। মানৱতা আৰু বিশ্বভ্ৰাতৃত্ববোধেৰে মেটমৰা তেখেতৰ কলজয়ী গীতবোৰ সমাজ জাগ্ৰত কৰাৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ হৈছিল, হৈ আছে আৰু অদূৰ ভৱিষ্যতেও হৈ থাকিব।
তেখেতে লুইত – পদ্মা – মিছিছিপিক একত্ৰীকৰণেৰে বিশ্বখনকে আনি অসমৰ ওচৰ চপালেহি! পৃথিৱীৰ প্ৰান্তে প্ৰান্তে একেই মানুহ, একেই মানৱতা, একেই প্ৰেম, একেই বিদ্ৰোহ-ভোকৰ তীব্ৰতা! সেই কথা ভূপেন হাজৰিকাতকৈ শক্তিশালী ভাৱে কোনেও ক’ব নোৱাৰে। ভাৰতভূমিত জন্মা এইজনা ক্ষণজন্মা পুৰুষৰ ওপজা দিনটোত তেখেতক স্মৰণ কৰিছো। ভাৰতভূমিয়ে তেখেতক চিৰকাল সুঁৱৰিব।
গুগল ডুডলে ও আজি অৰ্থাৎ ৮ ছেপ্টেম্বৰত বিশিষ্ট ভাৰতীয় গীতিকাৰ, গায়ক, চলচ্চিত্ৰ নিৰ্মাতা আৰু কবি ড° ভূপেন হাজৰিকাদেৱক তেখেতৰ ৯৬ তম জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এই এনিমেটেড গুগল ডুডলটো সৃষ্টি কৰিছে মুম্বাইস্থিত শিল্পী ৰুতুজা মালীয়ে।