চিকাগোত স্বাধীনতা দিৱসৰ কুচকাৱাজৰ সময়ত পেৰেডত অংশগ্ৰহণকাৰীলৈ লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ। এটা ঘৰৰ চালৰ পৰা গুলী চালনা কৰাৰ ফলত কমেও ছয়জন লোক নিহত আৰু ৫৭ জন আহত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাটোৰ পিছতে বিশৃংখলতাই দেখা দিয়াৰ লগতে আতংকিত হৈ পেৰেড চাবলৈ অহা লোকসকলে তেওঁলোকৰ বয়-বস্তু এৰি পলাই গৈছিল।

চিকাগোৰ উপনগৰ হাইলেণ্ড পাৰ্কত স্বাধীনতা দিৱসৰ কুচকাৱাজ অনুষ্ঠিত হৈছিল। যিহেতু ৪ জুলাইত আমেৰিকা যুক্তৰাষ্ট্ৰত স্বাধীনতা দিৱস উদযাপন কৰা হয় । এই স্বাধীনতা দিৱসৰ পেৰেডতে গুলীবৰ্ষণ আৰম্ভ হোৱাৰ বাবে ১০ মিনিটৰ ভিতৰত পেৰেড বন্ধ কৰা হৈছিল। ইয়াৰ এটা ভিডিঅ’ টুইটাৰত শ্বেয়াৰ কৰা হৈছিল। য’ত গুলীচালনাৰ ফলত আতংকিত হোৱা লোকসকলক আতংকিত হৈ দৌৰি ফুৰা দেখা পোৱা গৈছে। টুইটাৰত ভাইৰেল হোৱা এটা ভিডিঅ’ এজন দৰ্শকে দৃশ্যগ্ৰহণ কৰিছিল। গুলীচালনাৰ শব্দ শুনি মানুহে হাইলেণ্ড পাৰ্কৰ পৰা পলায়ন কৰিবলৈ আৰম্ভ কৰে।

কেইবাজনো সাক্ষীয়ে কৈছিল যে তেওঁলোকে কেইবাজাইও গুলীবৰ্ষণৰ শব্দ শুনিছিল। এজন প্ৰত্যক্ষদৰ্শীয়ে কৈছিল যে তেওঁ ২০ টাতকৈও অধিক শ্বট গণনা কৰিছিল। আহতসকলৰ কিছুক চিকিৎসাৰ বাবে হাইলেণ্ড পাৰ্ক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।

জানিব পৰা অনুসৰি গুলীচালনাৰ সময়ত আৰক্ষীয়ে ৰাইফলৰে অঞ্চলটোত টহল দি আছিল। পেৰেডত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীও উপস্থিত আছিল।

ৰাষ্ট্ৰপতি বাইডেনে হাইলেণ্ড পাৰ্কত হোৱা গুলীচালনাত শোক প্ৰকাশ কৰি কয় যে “এই স্বাধীনতা দিৱসত আমেৰিকান সম্প্ৰদায়ৰ ওপৰত পুনৰ সংঘটিত হোৱা বন্দুকৰ হিংসাত মই হতবাক হৈ পৰিছে। মই ফেডাৰেল আইন প্ৰৱৰ্তনকাৰীসকলক শ্বুটাৰৰ তাৎক্ষণিক সন্ধানত সহায় কৰিবলৈ নিৰ্দেশ দিছো।”

হাইলেণ্ড পাৰ্কৰ নিৰাপত্তা প্ৰধান ক্ৰিছ অ’নীলে কয় যে আৰক্ষীয়ে সন্দেহজনক ব্যক্তিৰ এখন ফটোও মুকলি কৰিছে। আৰক্ষীয়ে জনোৱা অনুসৰি, সন্দেহজনক ব্যক্তিজনৰ নাম ৰবাৰ্ট ই ক্ৰেমো ওৰফে ববি। আক্ৰমণকাৰীজন ১৮ ৰ পৰা ২০ বছৰ বয়সৰ এজন যুৱক।

FBI চিকাগোৰ এজন মুখপাত্ৰই কৈছিল যে ঘটনাস্থলীত এটা আৰক্ষী দল মোতায়েন কৰা হৈছে। বৰ্তমানলৈকে আক্ৰমণকাৰীজনক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই, কিন্তু চেষ্টা অব্যাহত আছে।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial