পশ্চিম বংগ আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে (STF) উত্তৰ ২৪ পৰগণা জিলাৰ পৰা আল কায়েদাৰ দুজন সন্দেহযুক্ত সদস্যক গ্ৰেপ্তাৰ কৰিছে।এক গোপন সূত্ৰৰ জৰিয়তে, STFৰ গোটৰ চোৰাংচোৱাই উত্তৰ ২৪ পৰগণাৰ চাজ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত খাৰিবাৰীত অভিযান চলায় আৰু সন্ত্ৰাসবাদী সংগঠনটোৰ সৈতে জড়িত থকাৰ অভিযোগত দুয়োকে গ্ৰেপ্তাৰ কৰে।তেওঁলোকৰ এজনক দক্ষিণ দিনাজপুৰ জিলাৰ গংগাৰামপুৰৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে, আনজনক হুগলী জিলাৰ আৰামবাগৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে।দুয়োকে AQIS-ত জড়িত থকাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে। ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰাৰ ইঙ্গিত দিয়া অত্যন্ত মৌলবাদী দৃষ্টিভংগীৰ দস্তাবেজবোৰ তেওঁলোকৰ পৰা জব্দ কৰা হৈছে। তেওঁলোকৰ বিৰুদ্ধে এটা বিশেষ গোচৰো ৰুজু কৰা হৈছে। “দুয়োকে সোধা-পোছা কৰাৰ পিছত আৰক্ষীয়ে জানিব পাৰিছে যে অঞ্চলটোত কমেও ১৭ জন AQIS সদস্য সক্ৰিয় হৈ আছে।গ্ৰেপ্তাৰ কৰা দুয়োকে কিছু সময় পিছতেই স্থানীয় আদালতত হাজিৰ কৰোৱা হ’ব।পশ্চিম বংগ আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে (STF) উত্তৰ ২৪ পৰগণা জিলাৰ পৰা আল কায়েদাৰ দুজন সন্দেহযুক্ত সদস্যক গ্ৰেপ্তাৰ কৰিছে।ক গোপন সূত্ৰৰ জৰিয়তে, STFৰ গোটৰ চোৰাংচোৱাই উত্তৰ ২৪ পৰগণাৰ চাজ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত খাৰিবাৰীত অভিযান চলায় আৰু সন্ত্ৰাসবাদী সংগঠনটোৰ সৈতে জড়িত থকাৰ অভিযোগত দুয়োকে গ্ৰেপ্তাৰ কৰে।তেওঁলোকৰ এজনক দক্ষিণ দিনাজপুৰ জিলাৰ গংগাৰামপুৰৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে, আনজনক হুগলী জিলাৰ আৰামবাগৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে।দুয়োকে AQIS-ত জড়িত থকাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে। ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰাৰ ইঙ্গিত দিয়া অত্যন্ত মৌলবাদী দৃষ্টিভংগীৰ দস্তাবেজবোৰ তেওঁলোকৰ পৰা জব্দ কৰা হৈছে। তেওঁলোকৰ বিৰুদ্ধে এটা বিশেষ গোচৰো ৰুজু কৰা হৈছে। “দুয়োকে সোধা-পোছা কৰাৰ পিছত আৰক্ষীয়ে জানিব পাৰিছে যে অঞ্চলটোত কমেও ১৭ জন AQIS সদস্য সক্ৰিয় হৈ আছে।গ্ৰেপ্তাৰ কৰা দুয়োকে কিছু সময় পিছতেই স্থানীয় আদালতত হাজিৰ কৰোৱা হ’ব।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial