আল কায়েদাৰ মুৰব্বী আয়মান আল-জাৱাহিৰীক আমেৰিকাই কৰিছে হত্যা । কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই আফগানিস্তানত ড্ৰোন আক্ৰমণত হত্যা কৰিছে আয়মান আল-জাৱাহিৰীক। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে জাৱাহিৰিৰ মৃত্যু নিশ্চিত কৰিছে।

উল্লেখযোগ্য যে ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰত হোৱা আক্ৰমণত জাৱাহিৰীয়ে চাৰিখন বিমান অপহৰণ কৰাত সহায় কৰিছিল। ইয়াৰে দুখন বিমান ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ দুয়োটা টাৱাৰৰ সৈতে সংঘৰ্ষ হৈছিল। তৃতীয়খন বিমানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগ পেন্টাগনত খুন্দা মাৰে। চতুৰ্থখন বিমান শ্বেংকভিলৰ এখন ফাৰ্মত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এই সন্ত্ৰাসবাদী ঘটনাত প্ৰায় ৩,০০০ লোক নিহত হৈছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে টুইটৰ জৰিয়তে মৃত্যুৰ বিষয়ে তথ্য প্ৰদান কৰে। বাইডেনে উল্লেখ কৰিছে যে শনিবাৰে মোৰ নিৰ্দেশনা অনুসৰি আফগানিস্তানৰ কাবুলত এক সফল ড্ৰোন আক্ৰমণ কৰা হয়, য’ত আল-কায়েদাৰ মুৰব্বী আয়মান আল-জাৱাহিৰী নিহত হৈছে।”

“আমেৰিকা যুক্তৰাষ্ট্ৰই ইয়াৰ নাগৰিকসকলক সুৰক্ষা দিয়া অব্যাহত ৰাখিব আৰু যিসকলে আমাক ক্ষতি কৰিবলৈ চেষ্টা কৰে তেওঁলোকৰ বিৰুদ্ধে সংকল্প আৰু সামৰ্থ্য প্ৰদৰ্শন অব্যাহত ৰাখিব। আজি আমি স্পষ্ট কৰি দিছো।”

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়াই নাম প্ৰকাশ নকৰাৰ চৰ্তত কয় যে CIM-য়ে দেওবাৰে আফগান ৰাজধানী কাবুলত ড্ৰোন আক্ৰমণ চলায়। প্ৰশাসনৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই আফগানিস্তানত আল-কায়েদাৰ বিৰুদ্ধে আৰম্ভ কৰা সন্ত্ৰাসবাদ বিৰোধী অভিযানটো সম্পূৰ্ণৰূপে সফল হৈছে আৰু কোনো অসামৰিক লোক হতাহত হোৱা নাই।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial