Supporters hold party flags during an election campaign rally by India’s ruling Congress party president Sonia Gandhi in Mumbai April 26, 2009. REUTERS/Punit Paranjpe (INDIA POLITICS ELECTIONS) – GM1E54Q1QHD01

কেতিয়াবা কেতিয়াবা দৃশ্য বোৰ চালে এনে লাগে যে , দেখা কথাবোৰেই চাগে এশ শতাংশ সত্য । কিন্তু এই কথাবোৰ যেতিয়া বিশ্লেষণাত্মক ভাৱে চোৱা যায় তেতিয়া হে ওলাই পৰে বাস্তৱ কাহিনী। বৰ্তমান সমগ্ৰ ভাৰততে ই আজাদী কা অমৃত মহোৎসৱ চলি আছে । পিছপৰি ৰোৱা নাই বৰ্তমান ৰ কংগ্ৰেছ দল ও । ৭৫ বছৰত কংগ্ৰেছ ৰ অৱদানক লৈ তেওঁ লোকে উলিয়াইছে সমদল । সমদল ত একফালে যদি মহাত্মা গান্ধী আনহাতে কংগ্ৰেছ ৰ ছ’চিয়েল মিডিয়াৰ প্ৰায়বোৰ প্ৰফাইলত পণ্ডিত নেহৰু য়ে ৰাষ্ট্ৰীয় পতাকা লৈ থকা ফটো । কংগ্ৰেছ ৰ সমদল ত পিছে এতিয়া লৈ এই ফটো অহা নাই , যেনিবা সমালোচনা ৰ সম্মুখীন য়েই হয় । তেতিয়াৰ পৰা এতিয়া লৈ মহাত্মা গান্ধী ক কোনে নিজৰ স্বাৰ্থ ৰ কাৰনে hijack কৰি আহিছে সেই কথা ৰাজনীতি ৰ খবৰ ৰখা সকলে ভাল কৈ জানে ।

নেহৰু ৰ নীতি য়ে উত্তৰ পূৰ্বাঞ্চলক কেনেকৈ পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে কেনেকৈ থানবান কৰিছিল , সেই বিশ্লেষণ ৰ কাৰনে Nirode Kumar Barooah ৰ Gopinath Bardoloi ,The Assam problem and Nehru’s centre কিতাপখন এখন উৎকৃষ্ট সমল । কমিউনিষ্ট শক্তি ক সন্তুষ্ট কৰিবলৈ নেহৰুৱে লোৱা প্ৰতিটো পদক্ষেপে উত্তৰ পূৰ্বাঞ্চল ৰ বুকুত মুচিব নোৱাৰা দাগ দি গৈছে । যাৰ প্ৰভাৱ উত্তৰ পূৰ্বাঞ্চলত বাস কৰা প্ৰতিজনেই ভুক্তভুগী । সেই নেহৰুক নিজৰ প্ৰফাইলত লগাই নেহৰু বন্দনা কৰাটো জানো যুক্তিসংগত এই সময়ত । তাহানিতেই কংগ্ৰেছে কৰা ভুলৰ পৰিণতিৰ কাৰনে আজি উত্তৰ পূৰ্বাঞ্চলৰ চাৰিসীমা প্ৰতিদিনেই উত্তপ্ত হৈ থাকিব লগীয়া হোৱা নাই নে ?

আপোনাক এটা প্ৰশ্ন, হৃদয়ত কিমান আন্তৰিকতা থাকিলে এজন প্ৰধান মন্ত্ৰী য়ে কোনো এখন ৰাজ্য ৰ ওপৰত Air force ব্যৱহাৰ কৰি বোমা দিবলৈ আদেশ দিব পাৰে ? উত্তৰ পূৰ্বাঞ্চলবাসী য়ে সেই ইতিহাস বোৰ ও উনুকিয়াই চোৱাৰ সময় আহি পৰিছে । কংগ্ৰেছ হাইকামাণ্ডে উত্তৰ পূৰ্বাঞ্চলক কিমান ভাল পায় তাহানিৰ পৰা এতিয়া লৈ সেই কথা ৬০ বছৰীয়া কংগ্ৰেছ কালত সকলোৱে স্পষ্ট ভাৱে গম পাইছে । সেইসময়ত কমিউনিষ্ট সকলক কংগ্ৰেছে মাখন ৰ ভাগ দিছিল কাৰনে কমিউনিষ্ট বুদ্ধিজীৱী সকলে বিদুৰৰ দৰে ভাও ধৰি আছিল । ইন্দিৰা গান্ধী ৰ আদেশত ১৯৬৬ চনত Air force বাহিনী য়ে মিজোৰামত বোমা পেলাইছিল । এয়া আছিল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি কংগ্ৰেছ হাইকামাণ্ডৰ বিশেষ দৰদ ! সমান্তৰালকৈ,একাংশ কংগ্ৰেছী ৰ দ্বাৰা কংগ্ৰেছ হাইকামাণ্ড ক সন্তুষ্ট কৰিবলৈ ইন্দিৰা ইজ্ ইণ্ডিয়া ৰ প্ৰচাৰ চলোৱা হৈছিল । emergency ৰ সময়ত সমগ্ৰ উত্তৰ-পূবে কেনে কষ্ট ভুগিব লগা হৈছিল সেই কথা ৰাষ্ট্ৰীয় পৰ্যায় ত আজিলৈ সম্পূৰ্ণ ৰূপে পোহৰলৈ নাহিলেই ।

কিছুমাহ আগত আছু ৰ প্ৰাক্তন সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত দেৱে কবলৈ বাধ্য হৈছে কেন্দ্ৰ ৰ হেঁচা তেই অসমে ১৯৭১ চন মানি লবলৈ বাধ্য হৈছিল তেতিয়া ৰ আৰু নেতৃত্ব ই । ইয়াতকৈ দুখৰ কথা কি হ’ব পাৰে । কিছু বছৰ আগত ইক’নমিক্স টাইমছ্ ত প্ৰকাশিত হৈছিল The Rajiv Gandhi government had signed the ‘Assam accord’ with the All Assam Students Union (AASU) in 1985 that had a clause for identification and deportation of foreigners, but the Congress government did not pursue the matter as ‘it would have seriously impacted its vote bank and would have created an upheaval in the country, claimed Ram Pradhan, the then Union home secretary who had negotiated the Assam accord with the AASU.ভাবকচোন কংগ্ৰেছ নেতৃত্ব ই কেনেকৈ অসমবাসী ঠগি আছিল ,যাৰ ফলত আজিলৈ অসমৰ খিলঞ্জীয়া সকলে প্ৰতিদিনে ভুগিব লগা হৈ আহিছে । আন্দোলন অবিহনে অসমে কংগ্ৰেছ ৰ পৰা একো নাপালে বুলি ক’লে চাগে বঢ়াই কোৱা নহব , কিন্তু একাংশ ৰাজ্য ই আন্দোলন নকৰাকৈ বহুখিনি ওপৰত থাকি গল অসমৰ । অসমৰ প্ৰতি বিশেষ দৰদ থকা কংগ্ৰেছ হাইকামাণ্ডক অসমৰ ৰাইজে ধন্যবাদ দিবয়েই দিয়কচোন ! আজাদী কা অমৃত মহোৎসৱত কথাবোৰ উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাইজে কথাবোৰ বিশ্লেষণাত্মক দৃষ্টি ৰে বিচাৰ কৰাটো দৰকাৰ নহয় নে ?

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial