
এতিয়াৰ পৰা যদি আপুনি ৰেষ্টুৰেণ্টলৈ আহাৰ গ্ৰহণ কৰিবলৈ যায় আৰু আপোনাৰ বিলত চাৰ্ভিচ চাৰ্জ যোগ দি পৰিশোধ কৰিবলৈ কোৱা হয়, তেন্তে আপুনি কৰিব পাৰিব হোটেল বা ৰেষ্টুৰেণ্টখনৰ ওপৰত অভিযোগ। কিয়নো সেৱা মাচুল আৰোপ নিষিদ্ধ কৰা হৈছে।
দৰাচলতে কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা কৰ্তৃপক্ষই (CCPA) সেৱা মাচুল সম্পৰ্কে নতুন নিয়ম প্ৰস্তুত কৰিছে। সোমবাৰে জাৰী কৰা CCPA-ৰ নিৰ্দেশ অনুসৰি, কোনো ৰেষ্টুৰেণ্টে গ্ৰাহকক সেৱা প্ৰদান কৰাৰ নামত কোনো সেৱা মাচুল ল’ব নোৱাৰিব।
CCPA-য়ে সেৱা মাচুলক এক অন্যায় বাণিজ্য প্ৰথা বুলি অভিহিত কৰিছে আৰু এনে স্থানত স্বয়ংক্ৰিয়ভাৱে বা বিলত অবিকল্পিতভাৱে সেৱা মাচুল আৰোপ নিষিদ্ধ কৰিছে। এই সন্দৰ্ভত জাৰী কৰা নিৰ্দেশনাত কোৱা হৈছে যে হোটেল আৰু ৰেষ্টুৰেণ্টত আগবঢ়োৱা খাদ্যৰ মূল্যত খাদ্য আৰু সেৱা ইতিমধ্যে অন্তৰ্ভুক্ত কৰা হৈছে।
২ জুলাইত সেৱা মাচুল আদায় সম্পৰ্কীয় এটা গোচৰ পোহৰলৈ আহিছিল যিটো আলোচনাৰ বিষয় হৈ পৰিছিল। দিল্লী আৰু ভূপালৰ মাজত চলি থকা শতাব্দী এক্সপ্ৰেছত ভ্ৰমণ কৰি থকা এজন যাত্ৰীয়ে তেওঁৰ চাহ বিলৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে আৰু কৈছিল যে ২০ টকাৰ চাহ বিলৰ ওপৰত ৫০ টকাৰ চাৰ্ভিচ চাৰ্জ আৰোপ কৰা হৈছিল। অৰ্থাৎ যাত্ৰীজনে মুঠ ৭০ টকা পৰিশোধ কৰিব লগা হৈছিল। এই পোষ্টটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
কৰ্তৃপক্ষই আদেশত স্পষ্টকৈ কৈছে যে কোনো হোটেল বা ৰেষ্টুৰেণ্টে গ্ৰাহকক সেৱা মাচুল পৰিশোধ কৰিবলৈ বাধ্য কৰিব নোৱাৰে।
সেৱা মাচুল পৰিশোধ কৰিব নে নকৰে সেয়া সম্পূৰ্ণৰূপে গ্ৰাহকৰ ওপৰত নিৰ্ভৰ কৰিব, ৰেষ্টুৰেণ্টখনে ইয়াক জোৰ কৰিব নোৱাৰিব।
উপভোক্তাক স্পষ্টভাৱে অৱগত কৰাব লাগিব যে সেৱা মাচুল স্বেচ্ছামূলক, বৈকল্পিক।
CCPA-য়ে লগতে উল্লেখ কৰিছে যে যদি গ্ৰাহকে হোটেল বা ৰেষ্টুৰেণ্টে নিৰ্দেশনা উলংঘা কৰি সেৱা মাচুল আদায় কৰি থকা প্ৰত্যক্ষ কৰে গ্ৰাহকে সংশ্লিষ্ট হোটেল বা ৰেষ্টুৰেণ্টক বিলৰ পৰিমাণত যোগ কৰা মাচুল আঁতৰাবলৈ অনুৰোধ কৰিব পাৰে। ইয়াৰ উপৰিও, তেওঁ ৰাষ্ট্ৰীয় উপভোক্তা হেল্পলাইনত (NCH) অভিযোগ দাখিল কৰিব পাৰে। ১৯১৫ ত ফোন কৰিও অভিযোগ দাখিল কৰিব পাৰে। জিলা উপায়ুক্তৰ ওচৰতো অভিযোগ দাখিল কৰিব পাৰিব। গোচৰটোৰ তদন্তৰ পিছত, দাখিল কৰা অভিযোগটো CCPA-লৈ প্ৰেৰণ কৰা হ’ব।