কংগ্ৰেছী বিধায়কৰ জোঁৱায়েকে বাহনেৰে একেলগে মহতিয়াই নিলে বাইক-অটোক। গুজৰাটৰ আনন্দ জিলাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত ৬ জন লোকে প্ৰাণ হেৰুৱাইছে। ঘটনাটো হিট এণ্ড ৰাণৰ বুলি কোৱা হৈছে।

ঘটনাটো আনন্দ জিলাৰ সুজিত্ৰাৰ ওচৰত সংঘটিত হৈছিল। এখন বাহনে এখন অটো ৰিক্সা আৰু বাইকত খুন্দা মাৰিছিল। বাহনখন চলাই থকা ব্যক্তিজন কংগ্ৰেছ বিধায়ক পুনম পাৰমাৰৰ জোঁৱাই বুলি জানিব পৰা গৈছে।

ঘটনা সংঘটিত কৰিয়েই কংগ্ৰেছী বিধায়কৰ জোঁৱায়েকে পলায়ন কৰে। ইতিমধ্যে আৰক্ষীয়ে ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে বিধায়কজনৰ জোঁৱায়েকৰ বিৰুদ্ধে হিট এণ্ড ৰাণৰ গোচৰ ৰুজু কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি অটোত ৪ জন লোক আৰু বাইকখনত ২ জন লোক আছিল। ঘটনাস্থলীত চাৰিজন লোকৰ মৃত্যু হয়। আনহাতে চিকিৎসালয়লৈ যোৱাৰ পথত আন দুজনৰ মৃত্যু হয়। অটোৰ চাৰিজন আৰোহীৰ ভিতৰত, তিনিজন একেটা পৰিয়ালৰ আছিল। তেওঁলোকৰ ভিতৰত এগৰাকী মাতৃসহ দুগৰাকী ছোৱালী আছিল, যিয়ে ৰাখী বান্ধি ঘৰলৈ উভতি আহিছিল।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial