কট্টৰ ইছলামিক সাংবাদিক ৰাণা আয়ুবৰ টুইটাৰ একাউণ্ট বন্ধ কৰিলে মাইক্ৰ’ব্লগিং ছাইট টুইটাৰে। টুইটাৰে তথ্য প্ৰযুক্তি আইন ২০০০ ৰ অধীনত এই পদক্ষেপ গ্ৰহণ কৰে। ৰাণা আয়ুবেও এই সন্দৰ্ভত এটা টুইট প্ৰকাশ কৰিছে।

আয়ুবে দেওবাৰে তেওঁৰ টুইটাৰ একাউণ্টত টুইটাৰৰ জাননীখনৰ এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি কয়, “হেলো @Twitter, এইয়া প্ৰকৃততে কি?” আয়ুবে টুইটাৰৰ পৰা শ্বেয়াৰ কৰা জাননীখনত লিখা হৈছে যে ” ভাৰতৰ স্থানীয় আইনৰ অধীনত টুইটাৰৰ দায়বদ্ধতা পালন কৰাৰ বাবে, আমি দেশৰ তথ্য প্ৰযুক্তি আইন, ২০০০-ৰ অধীনত ভাৰতত নিম্নলিখিত একাউণ্টটো বন্ধ কৰি দিছো।”

টুইটাৰে জাননীখনত লিখিছে, “আমাৰ সেৱা ব্যৱহাৰ কৰা সকলৰ কণ্ঠস্বৰ ৰক্ষা আৰু সন্মান কৰাত দৃঢ়ভাৱে বিশ্বাস কৰা হয়। যদি আমি কোনো কৰ্তৃত্ব প্ৰাপ্ত সংস্থাৰ (এনে আইন প্ৰৱৰ্তনকাৰী বা চৰকাৰী সংস্থা) পৰা সমল আঁতৰোৱাৰ বাবে আইনী অনুৰোধ লাভ কৰোঁ, একাউণ্ট ধাৰকসকলক অৱগত কৰাটো আমাৰ কৰ্তব্য।” ‘

ৰাণা আয়ুবৰ একাউণ্টৰ ওপৰত কৰা পদক্ষেপৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰসাৰ ভাৰতীৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া শশী শেখৰ ভেম্পতীয়ে টুইট কৰি কয় যে টুইটাৰৰ জাননীটো অতীতৰ ঘটনাসমূহৰ প্ৰতি পলমকৈ সঁহাৰি হ’ব পাৰে। ইয়াৰ উপৰিও কৃষক আন্দোলন তথা CAA ৰ ক্ষেত্ৰত ও অত্যন্ত সৰব হৈ আছিল ৰাণা আয়ুব । ৰাণা আয়ুৱে নিজৰ পোষ্ট বোৰত ভয়াবহ ভাৱে সন্দেহযুক্ত ইছলামিক গতিবিধি বোৰক সমৰ্থন জনাই আহিছিল ।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial