
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, এই নামটো আজি অসম তথা ভাৰতবৰ্ষ ৰ প্ৰতিখন বিদ্যালয় , কলেজ তথা বিশ্ববিদ্যালয় ৰ কাৰনে এক চিনাকি নাম । ভাৰতবৰ্ষ ৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৩২ লাখ ছাত্ৰ ছাত্ৰী ক আগুৰি আগবাঢ়ি যোৱা এই সংগঠনটো বিশ্বৰ আটাইতকৈ ডাঙৰ ছাত্ৰ সংগঠন । জ্ঞান, চৰিত্ৰ আৰু একতা ৰ মণিকাঞ্চণ সংযোগেৰে আগুৱাই যোৱা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ভাৰত বৰ্ষ তথা অসম ৰ কাৰনে সমৰ্পণ ৰ গাথা সকলোৱে অনুভৱ কৰি আহিছে । অসম আন্দোলন ৰ পৰা বান সাহায্য তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰী সকলক উত্তৰ-পূৰ্বাঞ্চলৰ লগত চিনাকি কৰি দিয়াৰ যি অভিনৱ প্ৰচেষ্টা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে বছৰ বছৰ ধৰি কৰি আহিছে সেই কামবোৰে সকলো কেই এই সংগঠনটো প্ৰতি আগ্ৰহী কৰি তুলিছে ।
প্ৰতি বছৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ৰ দ্বাৰা ৯ জুলাই তাৰিখটোক ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস পালন কৰা হয়। সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰতি বছৰে ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস পালন কৰা হয়। সাত দশকৰো অধিক সময় ভাৰতীয় ছাত্ৰ ৰাজনীতিত সক্ৰিয় হৈ থকা এবিভিপি অৰ্থাৎ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ৰ আজি সমগ্ৰ দেশতে যথেষ্ট প্ৰভাৱ আছে। কেন্দ্রৰ লগতে ৰাজ্যসমূহ ৰ অধিকাংশ বিজেপি নেতাই, এবিভিপিৰ কর্মী হিচাপে যাত্ৰা আৰম্ভ কৰিছিল।
যদি আমি এবিভিপিৰ উৎপত্তিৰ কথা কওঁ, তেন্তে ১৯৪৮ চনত একাংশ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ এটা দলে এবিভিপি প্ৰতিষ্ঠা কৰিছিল। কিন্তু, ইয়াক আনুষ্ঠানিকভাৱে ১৯৪৯ চনৰ ৯ জুলাইত পঞ্জীয়ন কৰা হয়।ইয়াৰ মূল লক্ষ্য আছিল সেই সময়ত কমিউনিজমৰ দ্বাৰা প্ৰবলভাৱে প্ৰভাৱিত হোৱা কেম্পাছসমূহত এক ৰাষ্ট্ৰীয়তাবাদী আন্দোলন গঢ়ি তোলা। আজি সংগঠনটোৱে ৪৫০০ৰো অধিক চহৰ-নগৰত উপনীত হৈছে।জন্মলগ্নৰেই পৰা আজি লৈকে আৰ এছ এছ ৰ মাৰ্গদশৰ্ন ত এবিভিপি আগবাঢ়ি গৈ আছে , আজি সংগঠনটোৰ প্ৰায় ৩২লাখ কাৰ্যকৰ্তা ।আজিৰ তাৰিখত এবিভিপিয়ে কেৱল কলেজ চৌহদতেই নিজৰ ইউনিট স্থাপন কৰাতেই সীমাবদ্ধ হৈ থকা নাই, সমগ্ৰ দেশৰ গাঁৱ তথা জিলা পৰ্যায়ত ছাত্ৰ-ছাত্ৰীৰ সংঘবদ্ধ কৰি সংগঠনটোৰ মুল শিপা মজবুত কৰাত যথেষ্ট খিনি সফল হৈছে ।
Covid-19 মহামাৰীৰ সংক্ৰমণ বন্ধ কৰিবলৈ দেশজোৰা লকডাউনৰ অংশ হিচাপে যেতিয়া সকলো শিক্ষানুষ্ঠান বন্ধ কৰা হৈছিল, তেতিয়া ABVP য়ে ছাত্ৰ সংগঠন হিচাপে প্ৰথমেই সমগ্ৰ ভাৰত ত সাহায্য আৰু পুনৰ্বাসনৰ কাম চলাইছিল । উল্লেখযোগ্য যে , এবিভিপিয়ে মহামাৰীৰ সময়ত ২.৮৬ কোটি টকা সংগ্ৰহ কৰি পিএম কেয়াৰছ পুঁজিলৈ দান কৰিছিল, আৰু প্ৰায় ৫৮ লাখ মাস্ক, ৩০ লাখ খাদ্য পেকেট আৰু ৩১.৭ লাখ ৰেচন বিতৰণ কৰিছিল। ইয়াৰ উপৰিও ই ১৭ হাজাৰতকৈ অধিক ছাত্ৰ-ছাত্ৰীক ঘৰলৈ পঠোৱাত সহায় কৰিছিল যিসকল ছাত্ৰ-ছাত্ৰী দেশৰ উত্তৰ-পূবৰ ৰাজ্য আৰু জনজাতীয় অঞ্চলৰ পৰা আহি বিভিন্ন ভাৰতৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছিল । আজি ছাত্ৰ ছাত্ৰী ৰ মাজত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মাত্ৰ এটা নাম হৈ নাথাকি এক আবেগ লৈ পৰিবৰ্তন