সেনা ত নিযুক্তি হৈ দেশমাতৃ ক সেৱা কৰিব খোজা সকলৰ কাৰনে সুখবৰ । অসমৰ যিসকল যুৱকে আৰক্ষীত যোগদান কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইও অৱশেষত বিফল হৈছে সেইসকল যুৱকৰ বাবে দেশমাতৃক সেৱা কৰাৰ আন এক সুবৰ্ণ সুযোগ দিছে মোডী চৰকাৰে । কিছুদিন আগত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী মাননীয় ৰাজনাথ সিঙ ডাঙৰীয়াই সেনাৰ নিযুক্তি প্ৰক্ৰিয়াত এক যুগান্তকাৰী পৰিবৰ্তন সূচনাৰে ‛অগ্নিপথ নিযুক্তি আঁচনি’ ঘোষনা কৰিছে।এই অগ্নিপথ নিযুক্তি আঁচনিৰ অধীনত যুৱক সকলক চাৰিবছৰৰ বাবে সেনাবাহিনীত ভৰ্ত্তি হ’ব পাৰিব ।

ইয়াৰ লগতে তেওঁলোকে চাকৰি এৰি যোৱাৰ সময়ত তেওঁলোকক দিয়া হ’ব এটা সেৱা পুঁজি পেকেজ ।এই আঁচনিৰ অধীনত সেনাত যোগদান কৰা যুৱক সকলক ‛অগ্নিবীৰ’ বুলি কোৱা হ’ব।অগ্নিপথ আঁচনিৰ অধীনত প্ৰথম বছৰত বাৰ্ষিক পেকেজ লাভ কৰিব।চতুৰ্থ বছৰলৈ এই পেকেজৰ ধন বৃদ্ধি হ’ব। লগতে অনান্য বিপদ,শংকা আৰু কষ্টৰ ভাট্টাও উপলব্ধ হ’ব।অতি সোনকালেই এই “অগ্নিপথ” আঁচনিৰ কাৰ্যকৰীকৰণ হ’ব আৰু বাচনি প্ৰক্ৰিয়া আৰম্ভ হ’ব । এতিয়া অসমৰ বিভিন্ন প্ৰান্তৰ যুৱকসকলে নিজকে শাৰীৰিক আৰু মানসিকভাৱে সম্পূৰ্ণ সাঁজু কৰি তুলিব লাগে ।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial