
কুৰ্তা-পায়জামা পিন্ধাৰ বাবে নিলম্বিত কৰা হ’ল এগৰাকী শিক্ষকক। বিহাৰত সংঘটিত হৈছে এই ঘটনা। উল্লেখযোগ্য যে বিহাৰৰ শিক্ষা ব্যৱস্থাক লৈ প্ৰায়ে বিভিন্ন সময়ত প্ৰশ্ন উত্থাপিত হৈ আহিছে। শেহতীয়াকৈ লখিচাৰাই জিলাত সংঘটিত হ’ল এক আজৱ ঘটনা।
প্ৰধান শিক্ষকক কুৰ্তা-পায়জামা পিন্ধা দেখি খৰ্গহস্ত হৈ পৰিল DM। প্ৰধান শিক্ষকক প্ৰশ্ন DMৰ ,” আপুনি নেতা নে শিক্ষক?”লখিচাৰাই জিলাৰ DM সঞ্জয় কুমাৰ সিঙৰ এটা ভিডিঅ’ ভাইৰেল হৈ আছে। ক্ষোভিত DM গৰাকীয়ে প্ৰধান শিক্ষকক নিলম্বন কৰাৰো নিৰ্দেশ প্ৰদান কৰে।
ভাইৰেল ভিডিঅ’টোত DM সঞ্জয় সিঙে প্ৰধান শিক্ষকগৰাকীৰ কাপোৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। DMজনে ভৰ্ৎসনা কৰি কয় যে “আপোনাক কোনটো দিশৰ পৰা প্ৰধান শিক্ষক যেন দেখি? আমি ভাবিছিলো আপুনি এজন স্থানীয় প্ৰতিনিধি।”
“আপুনি যদি এজন শিক্ষক তেনেহ’লে নিজকে এই পোছাকত কিয় ৰাখিছে? যদি শিক্ষক হয় তেন্তে এনে পোছাক পৰিধান নকৰিব” এই সময়ছোৱাত, DM য়ে সংশ্লিষ্ট এগৰাকী বিষয়াক ফোন কৰি কয় যে “ইয়াত কেনেধৰণৰ প্ৰধান শিক্ষক আছে? তেওঁলোকে কুৰ্তা-পায়জামা পিন্ধি আমাৰ সন্মুখত বহি আছে। মই নাভাবো যে তেওঁলোকে ল’ৰা ছোৱালীক কিবা শিকাব।”
DMয়ে সংশ্লিষ্ট বিষয়াজনক কৈছিল যে তেওঁৰ নাম নিৰ্ভয় কুমাৰ সিং। তেওঁলোকৰ নাম লিখি ৰাখক। লগতে তেওঁৰ দৰমহা তৎক্ষণাৎ বন্ধ কৰক।জিলা দণ্ডাধীশে পুনৰ প্ৰধান শিক্ষক গৰাকীক ভৰ্ৎসনা কৰি কয় যে “যদি আপুনি এজন শিক্ষক, তেন্তে শিক্ষকৰ দৰে হওক, এই পোছাকত আপুনি এজন শিক্ষক হ’ব নোৱাৰে। আমি আপোনাক জনপ্ৰতিনিধি বনাবলৈ কম। যাওক আৰু ভোট বিচাৰক। ইয়াত শিকোৱাৰ কোনো প্ৰয়োজন নাই। এনেদৰে, আপুনি কুৰ্তা-পায়জামা পিন্ধি শিশুসকলক নেতা হোৱা দেখুৱায় নেকি?”
সংশ্লিষ্ট বিষয়াজনক এই সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ কয়। সিঙে বিদ্যালয়খনৰ কাম-কাজৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছিল। ভিডিঅ’টোত, প্ৰধান শিক্ষকক নিলম্বন কৰাৰ কথা কোৱা দেখিবলৈ পোৱা গৈছে । তেওঁ বিদ্যালয়ৰ অধ্যক্ষক দৰমহা কৰ্তন আৰু কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল।