
চাকৰি প্ৰাৰ্থীসকলে প্ৰায়ে নিখুঁত বায়’ডাটা তৈয়াৰ কৰিবলৈ চেষ্টা কৰে যি বায়’ডাটাই প্ৰাৰ্থীসকলক তেওঁলোকৰ সপোনৰ কেৰিয়াৰ তৈয়াৰ কৰাত সহায় কৰে। বহুতো চাকৰিত এখন ভাল বায়’ডাটা হৈছে প্ৰথম চৰ্ত যি এজন আবেদনকাৰীয়ে পূৰণ কৰিব লাগিব।
বিশ্বৰ অন্যতম ধনী ব্যক্তি বিল গেটছে আজি বিশ্বৰ লাখ লাখ যুৱ চাকৰি প্ৰাৰ্থীৰ আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ তেওঁৰ প্ৰথমখন বায়’ডাটা ভাগ-বতৰা কৰিছে। ৬৬ বছৰীয়া ব্যক্তিগৰাকীয়ে ৪৮ বছৰ পূৰ্বৰ তেওঁৰ বায়’ডাটা ভাগ-বতৰা কৰিছিল। তেওঁৰ অনুগামীসকলক সম্বোধন কৰি তেওঁ কৈছিল যে তেওঁ নিশ্চিত যে অনুগামীসকলৰ বায়’ডাটা তেওঁৰ তুলনাত ভাল ।
“আপুনি শেহতীয়া গ্ৰেড হওঁক বা কলেজৰ সামৰণি মাৰিছে, মই নিশ্চিত যে আপোনাৰ ৰিজিউমি মোৰ ৪৮ বছৰৰ পূৰ্বৰ তুলনাত বহুত ভাল দেখায়,” কোটিপতি সমাজসেৱকজনে এনেদৰে কয়।
এই ৰিজিউমি বা বায়’ডাটাখন সেই সময়ৰ যেতিয়া উইলিয়াম হেনৰী গেটছ তৃতীয়, যাক বিল গেটছ বুলি জনা যায়, হাৰ্ভাৰ্ড কলেজত প্ৰথম বৰ্ষত আছিল।
বায়’ডাটাত উল্লেখ কৰিছে যে তেওঁ অপাৰেটিং চিষ্টেম গাঁথনি, ডাটাবেচ মেনেজমেণ্ট, কম্পিউটাৰ গ্ৰাফিক্স আৰু বহুতো পাঠ্যক্ৰম গ্ৰহণ কৰিছে।
কেইবাজনো ব্যৱহাৰকাৰীয়ে কৈছিল যে বিল গেটছৰ ৰিজিউম নিখুঁত । নষ্টালজিক মুহূৰ্তটো ভাগ বতৰা কৰাৰ বাবে তেওঁক বহু অনুগামীয়ে ধন্যবাদ জনাইছিল। এজন ব্যৱহাৰকাৰী এম ইছমাইলে মন্তব্য কৰিছে, “এইখন ৪৮ বছৰ পুৰণি ৰিজিউমি যদিও ভাল লাগিছে”।
“বিল গেটছ ,ভাগ বতৰা কৰাৰ বাবে আপোনাক ধন্যবাদ। মহান এক পৃষ্ঠা ৰিজিউম। আমি সকলোৱে অতীতলৈ ঘূৰি যাবলৈ আৰু এবাৰ চাবলৈ আমাৰ অতীতৰ ৰিজিউমিৰ প্ৰতিলিপি ৰাখিব লাগে। কেতিয়াবা, আমি পাহৰি যাওঁ যে আমি আমাৰ জীৱনত কিমান সফলতা অৰ্জন কৰিছো,” আন এজন ব্যৱহাৰকাৰীয়ে এনেদৰে কয়।