
উত্তৰ প্ৰদেশৰ হাথ্ৰাছত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। আগ্ৰা-আলিগড় ঘাইপথত এখন ট্ৰাকে চেপি হত্যা কৰিলে ৬ গৰাকীকৈ ভক্তক। ভক্তসকলে হৰিদ্বাৰৰ পৰা গংগা জল লৈ গোৱালিয়ৰলৈ গৈ আছিল আৰু বাটত তেওঁলোকৰ সৈতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।
ঘটনাটো নিশা পলমকৈ সংঘটিত হৈছিল। ট্ৰাকে পিষ্ট কৰা ৫ জন ভক্তৰ ঘটনাস্থলীত মৃত্যু হৈছিল আৰু চিকিৎসাৰ সময়ত চিকিৎসালয়ত আন এজনৰ মৃত্যু হৈছিল। আন এজন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে।
আগ্ৰা Zone ৰ ADG ৰাজীৱ কৃষ্ণাই জানিবলৈ দিয়া অনুসৰি ঘটনাটো পিছ নিশা প্ৰায় ২.১৫ বজাত সংঘটিত হৈছিল। ৭ গৰাকীকৈ ভক্তক ট্ৰাকে মহতিয়াই নিছিল। ইয়াৰে ৬ জনৰ মৃত্যু হৈছে। এই দুৰ্ঘটনা সংঘটিত কৰিয়েই ডাম্পাৰ চালক ঘটনাস্থলীৰ পৰা পলাই যায়। আৰক্ষীয়ে ডাম্পাৰখনৰ লগতে চালকজনৰ সন্ধান কৰি আছে।