
কংগ্ৰেছ আৰু গান্ধী পৰিয়ালৰ ওপৰত তীব্ৰ আক্ৰমণ BJPৰ। বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰই কিছুসময় পূৰ্বে এক সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলতে পাত্ৰই কয় যে গান্ধী পৰিয়াল দুৰ্নীতিৰ উত্তৰাধিকাৰী হৈছে। কংগ্ৰেছে প্ৰাক্তন প্ৰধানমন্ত্ৰী নেহৰুৰ সময়ৰ পৰা নিৰন্তৰ দুৰ্নীতি কৰি আহিছে।
ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী নেচনেল হেৰাল্ড গোচৰত জামিনত আছে। শেহতীয়াকৈ, যেতিয়া দুয়োকে তদন্তকাৰী সংস্থাৰ দ্বাৰা তদন্তৰ বাবে মাতি অনা হৈছিল, কংগ্ৰেছে বাধা দিবলৈ চেষ্টা কৰিছিল।
সম্বিত পাত্ৰই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশতে দুৰ্নীতি বিৰোধী অভিযান আৰম্ভ কৰিছে। সেইকাৰণে ৰাজনৈতিক দলবোৰ বিচলিত হৈ পৰিছে। যিসকলে দুৰ্নীতিত অভ্যস্ত হৈছে, তেওঁলোকৰ বাবে এয়া এক সমস্যাৰ সময়।
পাত্ৰই গান্ধী পৰিয়ালৰ বিৰুদ্ধে কয় যে গান্ধী পৰিয়ালে দুৰ্নীতিৰ উত্তৰাধিকাৰী হৈছে। প্ৰজন্মৰ পিছত প্ৰজন্ম দুৰ্নীতিৰ গোচৰত জড়িত হৈ আছে।
সম্বিত পাত্ৰই কয় যে গুলাম নবী আজাদৰ পদত্যাগত লিখা কথাবোৰে গান্ধী পৰিয়ালৰ সত্যতাক উন্মোচিত কৰিছে। আজাদে তেওঁৰ পত্ৰত স্পষ্টকৈ লিখিছিল যে কংগ্ৰেছৰ বেয়া পৰিস্থিতিৰ বাবে ৰাহুল গান্ধী দায়বদ্ধ।
কংগ্ৰেছৰ ভাৰত জোড়ো আন্দোলনৰ সন্দৰ্ভত কয় যে এয়া ভাৰত জোড়ো আন্দোলন নহয়, গান্ধী পৰিয়াল ৰক্ষাৰ আন্দোলন। কংগ্ৰেছৰ কোনো ধৰণৰ মুকলি চিন্তা ধাৰণা নাই।