এগৰাকী মহিলাৰ প্ৰসৱৰ সময়ত ৰক্তক্ষৰণ হোৱা এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই এগৰাকী চিকিৎসকসহ প্ৰায় ৯ জন স্বাস্থ্যকৰ্মীক চিকিৎসাত গাফিলতিৰ বাবে নিলম্বন কৰা হৈছে।

দেওবাৰৰ পুৱা অসম-নাগালেণ্ড সীমান্তৰ অসমৰ ডিমা হাচাও জিলাৰ খেপ্ৰে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এই ঘটনা সংঘটিত হয়। মহিলাগৰাকী ডিমা হাচাও জিলাৰ খেপ্ৰে গাঁৱৰ।

তথ্য অনুসৰি, প্ৰসৱ বেদনাত জৰ্জৰিত মহিলাগৰাকীক খেপ্ৰে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হৈছিল যদিও স্বাস্থ্য কেন্দ্ৰৰ দুৱাৰ বন্ধ হৈ আছিল। অৰ্থাৎ তলা মৰা অৱস্থাত আছিল । এই সমগ্ৰ ঘটনাৰ বাবে PHCৰ অৱহেলা তথা কৰ্মচাৰীসকলক জগৰীয়া কৰা হয়।

শেহতীয়াকৈ জাৰি কৰা এক নিৰ্দেশত ডিমা হাচাও জিলাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ড০ কল্পনা কেম্পৰাই কয় যে খেপ্ৰে PHC নিয়মীয়াকৈ চলি থকা নাই আৰু কৰ্মচাৰীসকলে তেওঁলোকৰ দায়িত্ব পালন কৰা নাই বুলি লক্ষ্য কৰা হৈছে। সেয়েহে বিভাগীয় তদন্ত সম্পূৰ্ণ নোহোৱালৈকে তেওঁলোকক নিলম্বন কৰি ৰখা হৈছে।

“এই সিদ্ধান্ত কাৰ্যবাহী সদস্য, ভাৰপ্ৰাপ্ত বিষয়া, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, NC পাহাৰ স্বায়ত্ত শাসিত পৰিষদ, হাফলং আৰু NC হিলছ স্বায়ত্তশাসিত পৰিষদ, হাফলঙৰ মুখ্য কাৰ্যবাহী সদস্যৰ আলোচনা আৰু অনুমোদন অনুসৰি লোৱা হৈছে।”

স্বাস্থ্য বিভাগে ডাঃ জেছি নিয়ান্থিয়াঞ্জো চুয়াণ্টক, ফাৰ্মাচিষ্ট মুস্তাক আহমেদ আৰু এছ আৰ লস্কৰ, ANM উষা লাংথাচা আৰু নেইজাহাট চাংচান, GNM খিচমাই লাংথাচা আৰু নীলজৌনেম লংমাইলাই আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী প্ৰৱণ লংমাইলাই আৰু গিনখোপাও চাংচানক নিলম্বন কৰিছে।

NC হিলছ স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী সদস্য ছেম চাংচানে কয়, “ঘটনাটোৰ পিছত স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকে PHC ৰ সকলো কৰ্মচাৰীক নিলম্বন কৰিছে যাৰ ভিতৰত এজন চিকিৎসকো আছে। খেপ্ৰে PHCৰ চিকিৎসা কৰ্মীসকলৰ অৱহেলাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে বিভাগীয় প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। জিলাখনৰ সকলো চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্য কৰ্মীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব যিসকল অনিয়মীয়াকৈ কৰ্মত উপস্থিত আছে তথা কামত গাফিলতি কৰিছে।”

উল্লেখযোগ্য যে স্বাস্থ্য কেন্দ্ৰটোৱে খেপ্ৰে গাঁৱৰ আশে-পাশে থকা কেইবাখনো গাঁৱক সামৰি লৈছে যাৰ জনসংখ্যা ২০০০ তকৈও অধিক।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial