ভাৰতৰ ওপৰত চীনৰ দাদাগিৰীৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে এক আক্ৰমণাত্মক বৈদেশিক নীতি প্ৰদৰ্শন কৰি ভিয়েটনামৰ সৈতে এক গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু জেনেৰেল জিয়াঙৰ মাজত হোৱা বৈঠকত ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক প্ৰতিৰক্ষা অংশীদাৰিত্বৰ ওপৰত এখন যুটীয়া দৃষ্টি দস্তাৱত স্বাক্ষৰ কৰা হৈছে। ভাৰত-প্ৰশান্ত মহাসাগৰত চীনৰ বৰ্ধিত আধিপত্যৰ পৰিপ্ৰেক্ষিতত, ই দুয়োখন দেশৰ মাজত সামুদ্ৰিক ক্ষেত্ৰত প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা অধিক বৃদ্ধি কৰাত সহায় কৰিব।

ভিয়েটনাম সেই দেশবোৰৰ ভিতৰত আছে যাৰ সৈতে দক্ষিণ চীন সাগৰক লৈ চীনৰ বিবাদ আছে। একে সময়তে, লাডাখ আৰু অৰুণাচলক লৈ ভাৰতৰ সৈতে চীনৰ সম্পৰ্কও উত্তেজনাপূৰ্ণ হৈ আছে। দুয়োগৰাকী মন্ত্ৰীয়ে ভিয়েটনাম আৰু ভাৰতৰ পৰা ৫০০ নিযুত ডলাৰৰ প্ৰতিৰক্ষা ঋণ দ্ৰুততাৰে চূড়ান্ত কৰিবলৈ সন্মত হয়। প্ৰতিৰক্ষা অংশীদাৰীত্ব সমৃদ্ধ কৰাৰ বাবে আগবাঢ়ি যোৱাৰ উপায় অন্বেষণ কৰিবলৈও সন্মত হৈছে।

ভিয়েটনামৰ সৈতে লজিষ্টিক চুক্তিৰ অধীনত, দুয়োখন দেশে ইজনে সিজনৰ সামৰিক ঘাটি ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ব। অৰ্থাৎ তেওঁলোকৰ যুদ্ধজাহাজ, বিমান আদি ইজনে সিজনৰ আধাৰত ল’ব পাৰিব আৰু ইন্ধন ভৰাবলৈ সুবিধা ল’ব পাৰিব।

ৰাজনাথ সিঙে জিয়াঙক সাক্ষাৎ কৰাৰ পিছত কয় যে ভিয়েটনামৰ সৈতে ভাৰতৰ ঘনিষ্ঠ নিৰাপত্তাৰ সম্পৰ্কই ভাৰত-প্ৰশান্ত মহাসাগৰত স্থিৰতা আনিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তিনিদিনীয়া ভ্ৰমণসূচীৰে হানয়ত উপস্থিত হয় আৰু ৰাষ্ট্ৰপতি নুয়েন চুয়ান ফুককো সাক্ষাৎ কৰে আৰু এই সময়ছোৱাত দুয়োগৰাকী নেতাই সমগ্ৰ কৌশলগত সম্পৰ্কৰ সন্দৰ্ভত বিতং আলোচনা কৰে।

ভিয়েটনাম হৈছে আছিয়ানৰ (দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংগঠন) এক গুৰুত্বপূৰ্ণ দেশ আৰু দক্ষিণ চীন সাগৰ অঞ্চলত চীনৰ সৈতে এক আঞ্চলিক বিবাদ আছে। ভাৰতে দক্ষিণ চীন সাগৰৰ ভিয়েটনামী সাগৰীয় অঞ্চলত তেল আহৰণ প্ৰকল্প চলাই আছে। ভাৰত আৰু ভিয়েটনামে উমৈহতীয়া স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে যোৱা কেইবছৰমান ধৰি তেওঁলোকৰ সামুদ্ৰিক সুৰক্ষা সহযোগিতা বৃদ্ধিৰ বাবে একেলগে কাম কৰি আহিছে।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial