জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ অসুস্থ। মূৰত আঘাত পোৱাৰ ফলত ডিব্ৰুগড়ৰ সঞ্জীৱনী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে কণ্ঠশিল্পীগৰাকীক।

ডিব্ৰুগড়ৰ মোনোহোৰী ৰিজৰ্টত থকা জুবিন গাৰ্গ
বাথৰুমত পিছলি পৰি আঘাতপ্ৰাপ্ত হয়। ইতিমধ্যে চিটি স্কেন কৰা হৈছে । তেওঁৰ মূৰত ৫ টাকৈ চিলাইও পৰিছে।

উল্লেখযোগ্য যে মঙলবাৰে সন্ধিয়া বাথৰুমত পিছলি যোৱাৰ পিছত বুধবাৰে ৰাতিপুৱা জুবিনক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত।অৱশ্যে তেওঁৰ চিটি স্কেন প্ৰতিবেদন স্বাভাৱিক আৰু কোনো আভ্যন্তৰীণ আঘাত পোৱা নাই।চুপাৰ স্পেচিয়েলিষ্ট ডাক্তৰে জুবিনৰ চোৱাচিতা কৰি আছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গায়িকাগৰাকীৰ অৱস্থাৰ বিষয়ে সোধা-পোছা কৰিছে। প্ৰয়োজন হ’লে জুবিনক অধিক চিকিৎসাৰ বাবে দিল্লীলৈ লৈ যোৱা হ’ব। AIR এম্বুলেন্স সাজু ৰাখিবলৈ কোৱা হৈছে।সমগ্ৰ চিকিৎসা প্ৰক্ৰিয়াটো অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই চোৱাচিতা কৰিব।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial