
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশ ল’লে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ডিব্ৰুগড় জিলাৰ চৌকিদিংগী ক্ৰীড়া খেলপথাৰত আজিৰ পুৱাৰ ভাগতেই উপস্থিত হয় আৰু যোগাভ্যাসত অংশ লয়।
যোগ অনুষ্ঠানত অংশ গ্ৰহণ কৰি তেওঁ কয় যে, “ভগৱান কৃষ্ণই গীতাত অৰ্জুনক কৈছিল, “যদি মন ঠিক কৰিব নোৱাৰি, তেন্তে যোগ অভ্যাসৰ জৰিয়তে মুক্তি বিচাৰিব লাগে। যোগ প্ৰাচীন ভাৰতীয় সংস্কৃতিৰ এক অপৰিহাৰ্য অংশ। আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰি মই গৌৰৱবোধ কৰিছো।”
মুখ্যমন্ত্ৰী শৰ্মাই এই বছৰৰ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ সন্দৰ্ভতো কয় যে – আজি দিনটোৰ আৰম্ভণিতে আমাক বানপানীৰ বাবে বিভিন্ন সাহায্য শিবিৰত আশ্ৰয় বিচৰা লোকসকলৰ কথা মনত পেলাই দিয়া হৈছে। আমি সদায় তেওঁলোকৰ লগত থাকিম।
মুখ্যমন্ত্ৰী শৰ্মাই তেওঁৰ বক্তব্যত আৰু কয়, “সংযোজনৰ শক্তিশালী প্ৰক্ৰিয়াৰ বাবে শৰীৰ আৰু আত্মাৰ মিলন স্বাভাৱিকতে সকলো দিশত উৎকৃষ্ট। যোগে আত্মাক প্ৰেৰণ কৰে, মন আৰু শৰীৰৰ ভাৰসাম্য ৰাখে, আধ্যাত্মিকভাৱে সকলোকে শক্তিশালী কৰে আৰু সকলো দিশত এক ইতিবাচক দৃষ্টিভংগী গঢ়ি তোলে।”
আন এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰি তেওঁ কয় যে, “এক স্বাস্থ্যৱান নতুন প্ৰজন্ম অবিহনে শক্তিশালী ৰাষ্ট্ৰ আৰু ৰাজ্য বিৰাজ কৰিব নোৱাৰে। ইয়াৰ বাবে যুৱ প্ৰজন্মৰ মানসিক আৰু শাৰীৰিক বিকাশৰ প্ৰয়োজন। তেতিয়াহে বিকাশ প্ৰক্ৰিয়াটো বৃদ্ধি কৰিব পাৰি। ড্ৰাগছমুক্ত সমাজ এখন গঢ়ি তুলিবলৈ, অভিভাৱকসকলে তেওঁলোকৰ সন্তানৰ মাজত নিয়মীয়া যোগ প্ৰশিক্ষণৰ অভ্যাস আৰম্ভ কৰিব লাগিব।”