
গেছ চিলিণ্ডাৰৰ মূল্যই এতিয়া বৰ্ধিত মূল্যবৃদ্ধিৰ মাজতে গ্ৰাহকসকলক সকাহ দিছে। ৰাজ্যিক মালিকানাধীন তেল আৰু গেছ কোম্পানীবোৰে ১৩৫ টকাকৈ হ্ৰাস কৰিছে চিলিণ্ডাৰৰ মূল্য। গেছৰ নতুন মূল্য বুধবাৰৰ পৰা কাৰ্যকৰী হৈছে।
১৯ কিলোগ্ৰাম এলপিজি চিলিণ্ডাৰৰ মূল্য প্ৰতি চিলিণ্ডাৰত ১৩৫ টকা হ্ৰাস কৰা হৈছে। এতিয়াৰে পৰা চিলিণ্ডাৰৰ মূল্য দিল্লীত ২২১৯ টকা, কলকাতাত ২৩২২ টকা, মুম্বাইত ২১৭১.৫০ টকা আৰু চেন্নাইত ২৩৭৩ টকা ব্যয় হ’ব। অৱশ্যে বাণিজ্যিক চিলিণ্ডাৰৰহে মূল্য হ্ৰাস পাইছে। ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ হাৰত কোনো পৰিৱৰ্তন হোৱা নাই।
একেদৰে ৪৭.৫ কিলোগ্ৰাম চিলিণ্ডাৰৰ মূল্যও ৩২৭.০০ টকা হ্ৰাস কৰা হৈছে। ই ৰেষ্টুৰেণ্ট, হোটেলকে ধৰি বাণিজ্যিক প্ৰতিষ্ঠানসমূহক সকাহ প্ৰদান কৰিব।
কেৱল ব্যৱসায়িক গ্ৰাহকসকলক লাভান্বিত কৰিব এই হ্ৰাস হোৱা মূল্যই। বৰ্তমান, অসমত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ১০৩১ টকা। আনহাতে, পাটনাত এটা ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য ১১০১ টকা। এই মূল্য দেশৰ ৰাজধানী দিল্লীতকৈও বেছি। ইয়াৰ কাৰণ হৈছে ৰাজ্য চৰকাৰে আৰোপ কৰা কৰৰ পাৰ্থক্য।