
PFI ৰ শ্লিপাৰ চেলৰ ওপৰত সমগ্ৰ দেশজুৰি একাধিক অভিযানৰ মাজতে ইণ্ডিয়া টুডে চেনেলে সংগঠনটোৰ সম্প্ৰসাৰণৰ এক ব্লুপ্ৰিণ্ট লাভ কৰিছে। জানিব পৰা গৈছে PFI-য়ে চৰকাৰী সংস্থাবোৰক এৰাই চলিবলৈ আৰু ইয়াৰ কাৰ্যসূচী বিস্তাৰ কৰিবলৈ একাধিক শাখা মুকলি কৰিছে।
সংস্থাসমূহৰ ভিতৰত আছে ভাৰতীয় সামাজিক গণতান্ত্ৰিক দল, কেম্পাছ ফ্ৰণ্ট অৱ ইণ্ডিয়া, নেচনেল ৱমেন ফ্ৰণ্ট, অল ইণ্ডিয়া ইমামছ কাউন্সিল, অল ইণ্ডিয়া লিগাল কাউন্সিল, ৰিহেব ইণ্ডিয়া ফাউণ্ডেচন, নেচনেল কনফেডাৰেচন অৱ হিউমেন ৰাইট অৰ্গেনাইজেচন, ছ’চিয়েল ডেমক্ৰেটিক ট্ৰেড ইউনিয়ন আৰু HRDF।
তথ্য অনুসৰি PFI য়ে সামাজিক সেৱাৰ নামত পুঁজি সংগ্ৰহ কৰে আৰু সেইবোৰ অসামাজিক আৰু ভাৰত বিৰোধী প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰে। লগতে উল্লেখ কৰা হৈছে যে বিদ্যালয়, মহাবিদ্যালয়, মাদ্ৰাছা আৰু মুছলমান অধ্যুষিত মহল্লাসমূহত নিযুক্তি অভিযান চলোৱা হৈছে।
দক্ষিণ ভাৰতত ২০০ ৰো অধিক PFI কেডাৰক প্ৰশিক্ষণ দিয়া হৈছে। লগতে সংগঠনটোৰ মূলমন্ত্ৰ হৈছে দৰিদ্ৰ লোকসকলক লক্ষ্য কৰি লোৱা, ভিক্ষাৰীসকলক লক্ষ্য কৰা আৰু তেওঁলোকৰ মনত হিন্দু বিৰোধী কাৰ্যসূচীৰ বীজ সিঁচি দিয়া।