১৫ আগষ্টৰ পূৰ্বেই দেশৰ ওপৰত সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ বিফল কৰিছে নিৰাপত্তাৰক্ষীয়ে।শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ পুলৱামাৰ পৰা ২৫ ৰ পৰা ৩০ কিলোগ্ৰাম ID উদ্ধাৰ।

ADGP কাশ্মীৰ জোন বিজয় কুমাৰে কয় যে, “আজি পুৱা প্ৰায় ৭:৫০ বজাত পুলৱামাৰ চাৰ্কুলাৰ ৰোডৰ তাহাব ক্ৰছিংৰ ওচৰৰ পৰা আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে ২৫ ৰ পৰা ৩০ কিলোগ্ৰাম ID উদ্ধাৰ কৰে।” পুলৱামা আৰক্ষীয়ে লাভ কৰা এক বিশেষ ইনপুটৰ দ্বাৰা এক বৃহৎ দুৰ্ঘটনা প্ৰতিহত কৰাত সফল হ’ল সেনা বাহিনী। 

ইফালে সুৰক্ষা বাহিনীয়ে বুদগামৰ ৱাটাৰশ্বেল অঞ্চলত সন্ত্ৰাসবাদী সংগঠন লস্কৰৰ তিনিটা সন্ত্ৰাসবাদীক ঘেৰি ধৰিছে আৰু এনকাউণ্টাৰ চলি আছে। এই সন্ত্ৰাসবাদীসকলৰ ভিতৰত আছে লতিফ ৰাথাৰ, যি ৰাহুল ভট্ট আৰু অমৰিন ভট্টকে ধৰি বহুতো নাগৰিকৰ হত্যাত জড়িত আছিল।

কাশ্মীৰৰ কিছুমান অঞ্চলত, প্ৰতিদিনে নিৰাপত্তাবাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হয়। যোৱা কেইদিনমানত, নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত বহুতো সন্ত্ৰাসবাদী নিহত হৈছে। যাৰ বাবে সন্ত্ৰাসবাদীয়ে ID ৰাখি বিস্ফোৰণৰ চেষ্টা কৰি আছে ।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial