যোৱা মাহত অসমত প্ৰাক-মৌচুমী বৰষুণৰ ফলত হোৱা ধ্বংসযজ্ঞৰ পৰা কোনোমতে পুনৰুদ্ধাৰ হোৱাৰ পাছত ১৩ জুনৰ পৰা নেৰানেপেৰা আৰু ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যখনৰ বান পৰিস্থিতিয়ে অধিক বেয়া ৰূপ ধাৰণ কৰিছে। বছৰৰ দ্বিতীয়টো বানত ২৫ খনকৈ জিলা প্লাৱিত হৈছে।

এই সমূহৰ মাজতেই জানিব পৰা গৈছে যে ২০ জুনলৈ অসমত হ’ব ধাৰাবাহিক বৃষ্টিপাত। বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে সতৰ্কবাণী । ১৮ জুনলৈ অসমত জাৰি কৰা হৈছে Red Alert আৰু ১৯ আৰু ২০ জুনত জাৰি কৰা হৈছে Orange Alert।

বানৰ পৰিপ্ৰেক্ষিতত বন্ধ ঘোষণা শিক্ষানুষ্ঠান। যোৱা দুদিন ধৰি বন্ধ হৈ আছে কামৰূপ মহানগৰ জিলাকে ধৰি নলবাৰী, বঙাইগাঁও, বজালী, ডিমা হাছাও জিলাৰ শিক্ষানুষ্ঠান। পুনৰ আজিৰে পৰা কামৰূপ, দৰং, দক্ষিণ শালমাৰা-মানকাচৰ, বৰপেটা, ওদালগুৰি জিলাৰ সকলো শিক্ষানুষ্ঠান বান পৰিস্থিতিৰ বাবে বন্ধ থাকিব আগন্তুক দুটা দিনৰ বাবে।

ইফালে স্বাস্থ্য বিভাগৰ পৰীক্ষা পিছুৱাই দিয়া হৈছে। ১৯ জুনত অনুষ্ঠিত হ’বলগীয়া স্বাস্থ্য বিভাগৰ ৪ৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ’ব এতিয়া ৩জুলাইত।

উল্লেখযোগ্য যে ৰাজ্যৰ দ্বিতীয়টো বানত ৰাজ্যৰ ৪০টা ৰাজহ চক্ৰৰ ১৭০২ খন গাঁও জলমগ্ন হৈছে। শিবিৰত আছে বহু বানাক্ৰান্ত লোক।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial