কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে নতুন দিল্লীত এক প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত সংবাদ মাধ্যমৰ সৈতে কথা পাতি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক ‘ৰাষ্ট্ৰপত্নী’ বুলি উল্লেখ কৰিছিল। এই সন্দৰ্ভত ইতিমধ্যেই তোলপাৰ লাগিছে দেশৰ ৰাজনৈতিক মহলত।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও কিছু সময় পূৰ্বে এই বিষয়ত কৰিছে মন্তব্য। কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ ‘ৰাষ্ট্ৰপত্নী’ মন্তব্যক আক্ৰমণ কৰি কয় যে এইয়া”জনজাতীয় লোকসকলৰ মৰ্যাদা আৰু মহিলাৰ আত্মসন্মানৰ ওপৰত আক্ৰমণ”।

এই মন্তব্য ভাৰতীয় ৰাজনীতিৰ শালীনতাৰ বিৰুদ্ধেও আছিল বুলি টুইটৰ জৰিয়তে প্ৰকাশ কৰিছে।

“মাননীয় দ্ৰৌপদী মুৰ্মূৰ ওপৰত কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে কৰা মন্তব্য কেৱল ভাৰতৰ সৰ্বোচ্চ সাংবিধানিক স্থিতিৰ ওপৰতেই নহয়, জনজাতীয় লোকসকলৰ মৰ্যাদা, মহিলাৰ আত্মসন্মান আৰু ভাৰতীয় ৰাজনীতিৰ শালীনতাৰ ওপৰত আক্ৰমণ,” এনেদৰে টুইট কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে কয়, “মই ইয়াক গৰিহণা দিছো।

উল্লেখযোগ্য যে লোকসভাত কংগ্ৰেছৰ নেতা চৌধুৰীয়ে বুধবাৰে নতুন দিল্লীত এক প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত সংবাদ মাধ্যমৰ সৈতে কথা পাতি ৰাষ্ট্ৰপতিক দ্ৰৌপদী মুৰ্মূক ‘ৰাষ্ট্ৰপত্নী’ বুলি উল্লেখ কৰিছিল। সমালোচনাৰ সন্মুখীন হৈ তেওঁ পিছত কৈছিল যে এইয়া জিভাৰ পিছলি গৈ ওলাইছিল।

ইয়াৰ পিছতেই বিজেপিয়ে চৌধুৰীক ৰাষ্ট্ৰপতিৰ ওপৰত ইচ্ছাকৃত যৌনতাবাদী অপমান কৰাৰ অভিযোগ কৰিছিল আৰু কংগ্ৰেছৰ মুৰব্বী ছোনিয়া গান্ধীৰ পৰাও ক্ষমা বিচাৰিছিল।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial