
এইবাৰ সঞ্জয় ৰাউটৰ বাসগৃহত ধন ৰপ্তানিৰ গোচৰৰ সন্দৰ্ভত তালাচী অভিযান ED-ৰ। প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ED য়ে ৰবিবাৰে মুম্বাইত শিৱসেনাৰ সাংসদ ৰাউটৰ বাসগৃহত চলাইছে অভিযান। ৰাউটৰ বিৰুদ্ধে আইন প্ৰৱৰ্তনকাৰী সংস্থাৰ দ্বাৰা জাৰী কৰা একাধিক চমনৰ পিছত চলোৱা হৈছে অভিযান।
মুম্বাইৰ পাত্ৰ চাওলৰ পুনৰ বিকাশত অনিয়ম আৰু তেওঁৰ পত্নী আৰু সহযোগীৰ সৈতে সম্পৰ্কিত লেনদেনৰ সৈতে জড়িত এক ধন ৰপ্তানিৰ গোচৰত ED-য়ে ৰাজ্যসভাৰ সাংসদজনক সোধা-পোছাৰ বাবেও মাতি পঠিয়াইছিল।
উদ্ধৱ ঠাকৰে শিবিৰত থকা জ্যেষ্ঠ শিৱসেনা নেতাজনে অৱশ্যে কোনো ধৰণৰ অন্যায়ৰ কথা অস্বীকাৰ কৰিছে আৰু অভিযোগ কৰিছে যে ৰাজনৈতিক প্ৰতিহিংসাৰ বাবে তেওঁক লক্ষ্য কৰি লোৱা হৈছে।
ইফালে ইডি বিষয়াসকলে তেওঁৰ বাসগৃহত তালাচী চলাই মহাৰাষ্ট্ৰ আৰু শিৱসেনাই যুঁজ অব্যাহত ৰাখিব বুলি কোৱাৰ পিছত সঞ্জয় ৰাউটে টুইট কৰিছে যে “মই মৰিলেও মই আত্মসমৰ্পণ নকৰো আৰু শিৱসেনা এৰি নাযাওঁ।”
“কোনো কেলেংকাৰীৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই। মই শিৱসেনাৰ মুৰব্বী বালাচাহেব ঠাকৰেৰ শপত লৈ এই কথা কৈছো,” – এনেদৰে উল্লেখ কৰিছে ৰাউটে।