প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে পুৱা দেশৰ নিৰ্মাণাধীন নতুন সংসদ ভৱনত ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক অশোক স্তম্ভ উদ্বোধন কৰে। প্ৰতিবেদন অনুসৰি মূৰ্তিটো ব্ৰঞ্জধাতুৰে নিৰ্মিত আৰু ইয়াৰ উচ্চতা ৬.৫ মিটাৰ। উন্মোচনৰ পিছত প্ৰধানমন্ত্ৰী মোডীয়ে নিৰ্মাণ কাৰ্যত নিয়োজিত শ্ৰমিকসকলৰ সৈতেও বাৰ্তালাপ কৰে। 

প্ৰতিবেদন অনুসৰি সংসদৰ ছাদত স্থাপন কৰা ৰাষ্ট্ৰীয় প্ৰতীক অশোক স্তম্ভৰ প্ৰতিমূৰ্তিটোৰ ওজন ৯৫০০ কিলোগ্ৰাম আৰু ই ব্ৰঞ্জ ধাতুৰে নিৰ্মিত। পূৰ্বতে অশোক স্তম্ভ নতুন সংসদ ভৱনৰ শীৰ্ষত স্থাপন কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল, কিন্তু পৰিকল্পনাটো সলনি কৰি ভৱনটোৰ ওপৰৰ মহলাত স্থাপন কৰা হৈছে।ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকটো সৰনাথত মৌৰ্য সাম্ৰাজ্যৰ সম্ৰাট অশোকে নিৰ্মাণ কৰা স্তম্ভৰ পৰা আহৰণ কৰা হৈছে।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial