মধ্য প্ৰদেশৰ সাতনা জিলাৰ ৰহিকৱাৰা গাঁৱৰ নবোদয় বিদ্যালয়ৰ ওচৰত ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণহীন হৈ দুৰ্ঘটনাত পতিত দ্ৰুতবেগী যাত্ৰীবাহী বাছ।

কোটা কোচ কোম্পানীৰ এই বাছখনত থকা প্ৰায় ৪৫ জন যাত্ৰী আহত হৈছে। ইয়াৰে ১১ জনৰ অৱস্থা সংকটজনক। আহতসকলক সামূহিক স্বাস্থ্য কেন্দ্ৰ নাগাউদত ভৰ্তি কৰোৱা হৈছে।

বাছখনে যাত্ৰা কৰিছিল চয়তানালৈ। বাছখনত প্ৰায় ৭০ জন যাত্ৰী আছিল আৰু আহতসকলৰ ভিতৰত ৬ জন শিশুও অন্তৰ্ভুক্ত আছিল।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। আৰক্ষীয়ে সমগ্ৰ বিষয়টো তদন্ত কৰি আছে।

উল্লেখযোগ্য যে সাতনা জিলাত নিয়ন্ত্ৰণহীন যান-বাহনৰ বাবে প্ৰতিদিনে পথ দুৰ্ঘটনা সংঘটিত হৈ আছে কিন্তু চৰকাৰ তথা প্ৰশাসনে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial