নিলম্বিত বিজেপি মুখপাত্ৰ নুপুৰ শৰ্মাক হত্যা কৰাৰ ষড়যন্ত্ৰ। এই অভিযোগত আন্তঃৰাষ্ট্ৰীয় সীমান্ত হৈ ভাৰতত প্ৰৱেশ এজন পাকিস্তানী নাগৰিক। ব্যক্তিগৰাকী পাকিস্তানভিত্তিক সংগঠন তেহৰিক-ই-লাব্বাইকৰ দ্বাৰা প্ৰভাৱিত হৈছে।

ৰাজস্থান আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি “তেহৰিক-ই-লাব্বাইক নামৰ পাকিস্তানী সংগঠনে নুপুৰ শৰ্মাক হত্যা কৰাৰ পৰিকল্পনা কৰিছে। ৰিজৱান এজন পাকিস্তানী সন্ত্ৰাসবাদী যিয়ে তেহৰিক-ই-লাব্বাইকৰ দ্বাৰা প্ৰভাৱিত হৈছিল। তেওঁলোকৰ পৰিকল্পনা অনুসৰি, তেওঁ সীমান্তৰ সিপাৰৰ পৰা ভাৰতত প্ৰৱেশ কৰিব বিচাৰিছিল,” ৰাজস্থানৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (চোৰাংচোৱা) এছ চেঙ্গাথিৰে কয়।

“চোৰাংচোৱা ব্যুৰো, চিআইডি, সীমান্ত সুৰক্ষা বাহিনী, ভাৰতীয় সেনা আৰু স্থানীয় আৰক্ষীকে ধৰি বহুতো সংস্থাই এতিয়া ৰিজৱানক জেৰা কৰি আছে। এই সংগঠনটোৱে যোৱা বছৰ পাকিস্তানৰ ইমৰান খান চৰকাৰক ঘেৰাও ধৰিবলৈ কাম কৰিছিল আৰু পাকিস্তানত বহু লোকক হত্যা কৰিছিল,” বিষয়াজনে কয়।

উল্লেখযোগ্য যে নিলম্বিত বিজেপি মুখপাত্ৰ নুপুৰ শৰ্মাক হত্যা কৰাৰ অভিযোগত আন্তঃৰাষ্ট্ৰীয় সীমান্তহৈ ভাৰতত প্ৰৱেশ কৰা এজন পাকিস্তানী নাগৰিকক ৰাজস্থানৰ শ্ৰী গংগা নগৰ জিলাত আটক কৰা হৈছিল। ইণ্টেলিজেঞ্চ ব্যুৰো (আইবি) আৰু অন্যান্য চোৰাংচোৱা সংস্থাৰ এটা যুটীয়া দলে গ্ৰেপ্তাৰ কৰা পাকিস্তানী নাগৰিকজনক জেৰা কৰি আছে। 

“আমি তেওঁক অধিক অনুসন্ধানৰ বাবে স্থানীয় আৰক্ষীৰ হাতত গতাই দিছো। তেওঁক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হৈছিল য’ৰ পৰা তেওঁক আঠ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। আমি সংশ্লিষ্ট চোৰাংচোৱা সংস্থাসমূহক তেওঁৰ বিষয়ে অৱগত কৰিছো,” তেওঁ লগতে কয়।

সীমান্ত সুৰক্ষা বাহিনীৰ এজন জ্যেষ্ঠ বিষয়াই জনাইছিল যে লোকজনক ১৬ জুলাইৰ নিশা প্ৰায় ১১ বজাত হিন্দুমলকোট সীমান্ত চৌকিৰ ওচৰৰ পৰা আটক কৰা হৈছিল। তেওঁক টহলদাৰী দলৰ দ্বাৰা সন্দেহজনক অৱস্থাত পোৱা গৈছিল। তেওঁক লগে লগে আটক কৰা হৈছিল আৰু তালাচী কৰা হৈছিল।

“আমি তেওঁৰ ওচৰত এটা বেগৰ পৰা ১১ ইঞ্চি দীঘল চুৰি, ধৰ্মীয় কিতাপ, কাপোৰ, খাদ্য আৰু বালি পাইছো। তেওঁ নিজকে পাকিস্তানৰ উত্তৰ পঞ্জাৱত অৱস্থিত মাণ্ডি বাহাউদ্দিন চহৰৰ বাসিন্দা ৰিজৱান আশ্ৰাফ বুলি পৰিচয় দিয়ে,” তেওঁ কয়।

তেওঁ লগতে কয় যে প্ৰাথমিক তদন্তৰ সময়ত সন্দেহযুক্ত ব্যক্তিজনে জনাইছিল যে নূপুৰ শৰ্মাই পয়গম্বৰ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ বাবে তেওঁ সীমান্ত অতিক্ৰম কৰিছে। তেওঁ তেওঁৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ পূৰ্বে প্ৰথমে আজমেৰ দৰগাহ ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial