অসম আৰক্ষীক পুনৰ লজ্জানত কৰা ঘটনা। আৰক্ষীৰ বাবেই আত্মহত্যাৰ দৰে চৰম পন্থা বাছি ল’লে এজন যুৱকে। আমিনগাঁৱত সংঘটিত হৈছে এই ঘটনা।

উল্লেখযোগ্য যে ঘৰুৱা সংঘাতৰ বাবে যুৱকজন কাষ চাপিছিল আমিনগাঁও আৰক্ষীৰ। কিন্তু এই গোচৰ মীমাংসাৰ বাবে আৰক্ষীয়ে যুৱকজনৰ পৰা বিচাৰিছিল ৪০ হাজাৰ টকা। এই ধন দিব নোৱাৰি হতাশগ্ৰস্ত হৈ যুৱকজনে আত্মহত্যা কৰে।

জৈনক ৰহমান নামৰ এগৰাকী আৰক্ষীয়ে ভূৱনেশ্বৰ পাল নাম যুৱকজনৰ পৰা দাবী কৰিছিল ধন। ভূৱনেশ্বৰ পাল আৰু পত্নীৰ মাজত হৈছিল পাৰিবাৰিক সংঘাত। এই সংঘাতৰ বাবে গোচৰ তৰিছিল পত্নীয়ে আমিনগাঁও আৰক্ষী থানাত।

এই গোচৰ মীমাংসা কৰাৰ বাবেই আৰক্ষী জৈনক ৰহমানে বিচাৰিছিল ধন। দৰিদ্ৰ ভূৱনেশ্বৰ পালে আৰক্ষীক ধন দিব নোৱাৰাৰ বাবেই কৰিলে আত্মহত্যা।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial