প্ৰকৃতি প্ৰেমী সকলৰ কাৰনে অত্যন্ত ভাল খবৰ যে, এক জুলাই পৰা Single used plastic সম্পূৰ্ণ ৰূপে ভাৰতত বন্ধ হ’ব । ইয়াৰ সমান্তৰালকৈ
এইবাৰ ত্ৰিপুৰা চৰকাৰে পৰিৱেশৰ অৱস্থা উন্নত কৰাৰ লক্ষ্যৰে এক অভিনৱ পদক্ষেপ হাতত লৈছে । এইবাৰ ত্ৰিপুৰা চৰকাৰে আগৰতলা চহৰ আৰু ইয়াৰ আশে-পাশে ৫০ কিলোমিটাৰৰ পথবোৰত পেলনীয়া প্লাষ্টিক ৰ দ্বাৰা নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে ত্ৰিপুৰাৰ Bodhjung School চৌমুহানিৰ পৰা পশ্চিম জিলাৰ অন্তৰ্গত ৰাজধানী চহৰ আগৰতলাৰ মহিলা মহাবিদ্যালয়লৈ Non – Recyclable প্লাষ্টিক আৱৰ্জনা ব্যৱহাৰ নিৰ্মাণ কৰা হৈছে প্ৰথমবাৰৰ বাবে ৬৮০ মিটাৰ জোখৰ পথ বনোৱা হৈছিল ।

উল্লেখযোগ্য যে, ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ উদ্যোগত প্লাষ্টিকৰ বিটুমিনাছ ব্যৱহাৰ কৰি নিৰ্মাণ কৰা এই ৬৮০ মিটাৰ দৈৰ্ঘ্যৰ পথটো আগৰতলা স্মাৰ্ট চিটি লিমিটেড প্ৰকল্পৰ অধীনত মাত্ৰ এটা পৰীক্ষামূলক হে আছিল। যিটো অত্যন্ত সফল পদক্ষেপ আছিল তেতিয়াৰ ত্ৰিপুৰা চৰকাৰৰ বাবে । সেয়েহে অনাগত সময়ত প্লাষ্টিকৰ আৱৰ্জনাসমূহ পুনৰ ব্যৱহাৰৰ বাবে এনেধৰণৰ আৰু অধিক পথ নিৰ্মাণ কৰা হ’ব বুলি বদ্ধপৰিকৰ ত্ৰিপুৰা চৰকাৰ । এখন সংবাদমেল সম্বোধন কৰি ত্ৰিপুৰাৰ কেবিনেট মুখপাত্ৰ তথা আই.চি.এৰ মন্ত্ৰী সুশান্ত চৌধুৰীয়ে কয় যে “মহিলা মহাবিদ্যালয়ৰ সন্মুখত Non- recyclable আৱৰ্জনা সামগ্ৰীৰে নিৰ্মাণ কৰা পথটোৰ দৰেই, আনুমানিকভাৱে ৫০ কিলোমিটাৰ জোখৰ এনে অধিক পথ হ’ব । এই পথসমুহ আগৰতলা চহৰ আৰু ইয়াৰ আশে-পাশে নিৰ্মাণ কৰা হৈছে। নিশ্বয়কৈ এয়া অত্যন্ত আদৰণীয় পদক্ষেপ ।

উল্লেখ্য যে, ২০১৮ চনৰ জুলাই মাহত এখন পৰ্যালোচনা বৈঠকৰ সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে আগৰতলা পৌৰ নিগমৰ বিষয়াসকলক পেলনীয়া প্লাষ্টিক ব্যৱহাৰ কৰি পৰিৱেশ প্ৰদূষণ হ্ৰাস কৰিবলৈ কমেও ৫০০ মিটাৰ পথ নিৰ্মাণৰ বাবে অনুৰোধ জনাইছিল।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial