
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ১৫ দিনীয়া “সেৱা” অভিযানৰ অংশ হিচাপে ভাৰতীয় জনতা পাৰ্টীয়ে সকলো জিলাতে ‘বৈচিত্ৰ্যৰ মাজত একতা’ উৎসৱৰ আয়োজন কৰিব। এই অভিযান প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন ১৭ ছেপ্টেম্বৰত আৰম্ভ হ’ব আৰু ২ অক্টোবৰত ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তীত সমাপ্ত হ’ব।
বিজেপিয়ে সাধাৰণ সম্পাদক অৰুণ সিঙৰ নেতৃত্বত এটা ৮ জনীয়া কেন্দ্ৰীয় সমিতি গঠন কৰিছে যাতে প্ৰচাৰৰ তত্বাৱধান কৰা হয়। এই অভিযানত ৰক্তদান শিবিৰ, পানী সংৰক্ষণ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানৰ দৰে কাৰ্যকলাপ অন্তৰ্ভুক্ত থাকিব।
BJP য়ে যোৱা কেইবছৰমান ধৰি সমগ্ৰ দেশজুৰি এসপ্তাহ ধৰি কল্যাণমূলক কাৰ্যকলাপৰ আয়োজন কৰি প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিনক ‘সেৱা দিৱস’ হিচাপে উদযাপন কৰি আহিছে। সিঙে দলটোৰ ৰাজ্যিক গোটলৈ লিখা এখন পত্ৰত বিভিন্ন বিষয়ত প্রচাৰৰ নিৰ্দেশনা দিছে। পত্ৰখনৰ মতে, জিলাসমূহৰ বিজেপি কৰ্মীসকলে “বৈচিত্ৰ্যৰ মাজত একতা” উৎসৱৰ আয়োজন কৰিব আৰু ৰাইজৰ মাজত “এক ভাৰত, শ্ৰেষ্ঠ ভাৰত”ৰ বাৰ্তা প্ৰেৰণ কৰিব। সকলো ৰাজ্যিক গোটক প্ৰধানমন্ত্ৰীৰ ‘নমো এপ’ত সকলো কাৰ্যকলাপ আপডেট কৰিবলৈ কোৱা হৈছে আৰু উৎসৱটো আয়োজন কৰাৰ বাবে পাঁচটা শ্ৰেষ্ঠ ৰাজ্যিক গোটক সম্বৰ্ধনা জনোৱা হ’ব।
গছ ৰোপণ অভিযান, পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান আৰু পানী সংৰক্ষণৰ বাবে সজাগতা অভিযান, বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ মাজত সঁজুলি বিতৰণ, স্থানীয় সামগ্ৰীৰ প্ৰচাৰ আৰু বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰাৰ নিৰ্দেশনা জাৰি কৰিছে বিজেপিয়ে। প্ৰচাৰৰ অংশ হিচাপে, ২ অক্টোবৰত মহাত্মা গান্ধীৰ জন্ম জয়ন্তীত বিজেপি কৰ্মী আৰু সাধাৰণ লোকসকলক খাদী আৰু স্থানীয় সামগ্ৰী ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হ’ব।
যোৱা বছৰতো প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে কোভিড-১৯ ভেকছিনৰ ২.৫০ কোটিতকৈও অধিক পালি প্ৰদান কৰি এক অভিলেখ গঢ়ি তোলা হৈছিল, যাৰ ফলত ক’ৰ’ণাৰ বিৰুদ্ধে টিকাকৰণ অভিযানত এক বৃহৎ উৎসাহ লাভ কৰিছিল। তেতিয়াৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই ইয়াক বিশ্ব ইতিহাসৰ এক সোণালী অধ্যায় বুলি বৰ্ণনা কৰিছিল।